সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশে এতিয়া জাতীয় প্ৰতীক সমূহক সন্মান প্ৰদর্শনত গুৰুত্ব আৰোপ কৰিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ কাৰ্যসূচী “মন কি বাত” ৰ এই বৰ্ষৰ আজি প্ৰথমটো খণ্ড। আজি মহাত্মা গান্ধীৰ ৭৪ সংখ্যক মৃত্য বাৰ্ষিকী। অৰ্থাৎ শ্বহীদ দিৱস। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে “মন কি বাত” অনুষ্ঠানৰ জৰিয়তে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে দেশৰ প্ৰত্যেকজন সেনাৰ ত্যাগ আৰু বলিদানৰ প্ৰতি তেওঁ সন্মান জনায় এই অনুষ্ঠানৰ জৰিয়তে।
অনুষ্ঠানত তেওঁ জনায় যে এই বৰ্ষৰ দৰে এতিয়াৰে পৰা দেশৰ গণৰাজ্য দিৱস উদযাপন কাৰ্য্যসূচী ২৩ জানুৱাৰী অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকীৰ পৰা ৩০ জানুৱাৰী অৰ্থাৎ মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীলৈ অনুষ্ঠিত হ’ব।
বিগত ৫০ বছৰ ধৰি ইণ্ডিয়া গেটত প্ৰজ্বলিত হৈ থকা অমৰ জোৱান জ্যোতি শিখা শেহতীয়াকৈ একত্ৰিত কৰা হয় নেচনেল ৱাৰ মেমৰিয়েলৰ অগ্নিশিখাত। পৰৱৰ্তী সময়ত ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা ডিজিটেল প্ৰতিমূৰ্তি স্থাপন কৰা হয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষই এতিয়া জাতীয় প্ৰতীক সমূহক সন্মান প্ৰদর্শনত গুৰুত্ব আৰোপ কৰিছে।
তাৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ পদ্মশ্ৰী সন্মান পোৱা দেশৰ উন্নতিত নীৰৱে অৱদান আগবঢ়াই যোৱা ব্যক্তিসকলৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰে।
অনুষ্ঠানত অসমৰ এগৰাকী সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে দেশৰ ১০০০তম স্বাধীনতা দিৱসত ভাৰতবৰ্ষক নিকা, সন্ত্ৰাসমুক্ত লগতে ১০০% শিক্ষিতৰ হাৰত চাব বিচাৰো বুলি জনোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ যুৱপ্ৰজন্মক ১০০০তম স্বাধীনতা দিৱসলৈ অপেক্ষা নকৰি এতিয়াৰ পৰাই দেশক দুৰ্নীতিমুক্ত কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.