সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ ‘আইপেক’ৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ

মমতা বেনাৰ্জী তৃতীয়বাৰ পশ্চিমবংগৰ শাসনলৈ অহাত প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংস্থা আই পেকৰ ভূমিকা উল্লেখযোগ্য ৷ কিন্তু শেহতীয়াকৈ মমতা বেনাৰ্জীক টুইটাৰত ফলো কৰা বন্ধ কৰি দিছে আই পেকে ৷ চৰ্চা চলিছে যে আইপেক আৰু তৃণমূলৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আনন্দ বজাৰ পত্ৰিকাৰ বাতৰি অনুসৰি , পৌৰসভাৰ প্ৰাৰ্থী তালিকাক কেন্দ্ৰ কৰি তৃণমূলৰ প্ৰবীন নেতা আৰু আইপেকৰ মাজত সংঘাত বৃদ্ধি পাইছে ৷ তাৰ পাছতে আইপেক আৰু তৃণমূলৰ মাজত বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ উল্লেখ্য যে তৃতীয়বাৰ বিধানসভা নিৰ্বাচনত বিজয়ৰ পাছতেই তৃণমূল আৰু আইপেকৰ চুক্তি ২০২৬ চনলৈ বৃদ্ধি কৰা হৈছিল ৷ আইপেকৰ ভৰষাতেই মেঘালয় আৰু গোৱাতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছিল আইপেকে ৷ এতিয়া তৃণমূল আৰু আইপেকৰ বিচ্ছেদৰ পাছত এই অভিযানে কি গতি লয় সেয়া লক্ষণীয় হ’ব ৷

Leave A Reply

Your email address will not be published.