মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ ‘আইপেক’ৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ

Share This Article

মমতা বেনাৰ্জী তৃতীয়বাৰ পশ্চিমবংগৰ শাসনলৈ অহাত প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংস্থা আই পেকৰ ভূমিকা উল্লেখযোগ্য ৷ কিন্তু শেহতীয়াকৈ মমতা বেনাৰ্জীক টুইটাৰত ফলো কৰা বন্ধ কৰি দিছে আই পেকে ৷ চৰ্চা চলিছে যে আইপেক আৰু তৃণমূলৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আনন্দ বজাৰ পত্ৰিকাৰ বাতৰি অনুসৰি , পৌৰসভাৰ প্ৰাৰ্থী তালিকাক কেন্দ্ৰ কৰি তৃণমূলৰ প্ৰবীন নেতা আৰু আইপেকৰ মাজত সংঘাত বৃদ্ধি পাইছে ৷ তাৰ পাছতে আইপেক আৰু তৃণমূলৰ মাজত বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ উল্লেখ্য যে তৃতীয়বাৰ বিধানসভা নিৰ্বাচনত বিজয়ৰ পাছতেই তৃণমূল আৰু আইপেকৰ চুক্তি ২০২৬ চনলৈ বৃদ্ধি কৰা হৈছিল ৷ আইপেকৰ ভৰষাতেই মেঘালয় আৰু গোৱাতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছিল আইপেকে ৷ এতিয়া তৃণমূল আৰু আইপেকৰ বিচ্ছেদৰ পাছত এই অভিযানে কি গতি লয় সেয়া লক্ষণীয় হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.