MBBS course in Hindi: মধ্যপ্ৰদেশৰ হিন্দী মেডিকেল শিক্ষা ‘ফ্লপ’; ৩ বছৰত এজনো ছাত্ৰই নিদিলে হিন্দী ভাষাত পৰীক্ষা

বিফল হ’ল মধ্যপ্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত আৰম্ভ কৰা MBBSৰ পাঠ্যক্ৰম (MBBS course in Hindi)ৰ ধাৰণা। অথলে গ’ল ১০ কোটি টকা ব্যয়েৰে হিন্দী ভাষাত ছপা কৰা পাঠ্যক্ৰম। উল্লেখ্য যে হিন্দী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছিল এক অনন্য সিদ্ধান্ত। দেশৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাষাত আৰম্ভ কৰিছিল MBBS ৰ পাঠ্যক্ৰম। ২০২২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী ভাষাত MBBS ৰ পাঠ্যক্ৰম মুকলি কৰিছিল। প্ৰায় ১০ কোটি ব্যয়েৰে হিন্দীত ছপা কৰিছিল MBBSৰ কিতাপ। মধ্য প্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তক নথৈ প্ৰশংসা কৰিছিল অমিত শ্বাহে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতিকলৈও মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে।

তদুপৰি, উক্ত সভাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক প্ৰমুখ্য কৰি নিজ মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কেও কিছু মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক: Opposition Alliance in Assam: এন ডি এৰ পৰা কি শিকা উচিত গৌৰৱ গগৈয়ে?

কিন্তু লক্ষনীয়ভাৱে পাঠ্যক্ৰম মুকলিৰ পাছত বিগত ৩ বছৰত এগৰাকীও MBBS ৰ শিক্ষাৰ্থীয়ে নিদিলে হিন্দী ভাষাত পৰীক্ষা। কোটি টকা ব্যয়েৰে ছপা কৰা কিতাপবোৰ পৰি ৰ’ল কেৱল মাত্ৰ একোখন সমল গ্ৰন্থ হিচাপেহে। বিগত ৩ বছৰে ছাত্ৰ-ছাত্ৰীসকল হিন্দীৰ পৰিৱৰ্তে ইংৰাজী বিষয়তহে অধিক আগ্ৰহ তথা মনোনিৱেশ কৰা পৰিলক্ষিত হ’ল।

উল্লেখ্য যে ২০২২ চনত মধ্যপ্ৰদেশ চৰকাৰে দাবী কৰিছিল যে হিন্দী ভাষাত অধ্যয়নৰ সুবিধা কৰি দিলে হিন্দী মাধ্যমত অধ্যয়ন কৰি অহা MBBSৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব। কিন্তু বাস্তৱত মধ্যপ্ৰদেশ চৰকাৰৰ সেই দাবী ব্যৰ্থ হোৱাহে পৰিলক্ষিত হ’ল। যাৰ পৰিপ্ৰেক্ষিতত  ছাত্ৰ-ছাত্ৰীসকলে হিন্দীতকৈ ইংৰাজীতহে বেছি মনোনিৱেশ কৰা পৰিৰক্ষিত হ’ল।

জবলপুৰৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ  এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চেমিষ্টাৰ পৰীক্ষাসমূহ ইংৰাজী ভাষাতে লিখিছে আৰু কোনো MBBSৰ ছাত্ৰই পৰীক্ষাত লিখাৰ সময়ত হিন্দী ভাষাতো ব্যৱহাৰ কৰা নাই।

উল্লেখ্য যে ২০২২ চনত এই পাঠ্যক্ৰম মুকলি কৰাৰ সময়ত বহু লোকে মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা কৰাৰ লগতে এই প্ৰক্ৰিয়া বাস্তৱ সন্মত নহয় বুলি উল্লেখ কৰিছিল। সেই সময়ত চৰকাৰক সমালোচনা কৰা সকলক সকলোৱে গালি-গালাজ তথা অপব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল। কিন্তু বৰ্তমান সময়ত সেই সমালোচনাই সত্য প্ৰমাণিত হ’ল। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ফ্ল’প হৈ পৰিল মধ্যপ্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত আৰম্ভ কৰা MBBSৰ পাঠ্যক্ৰমৰ ধাৰণা। অথলে গ’ল MBBSৰ পাঠ্যক্ৰমৰ নামত ব্যয় কৰা চৰকাৰৰ ১০ কোটি টকা।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296