কালিলৈ DSP পোছাক পৰিধান কৰিব লাভলীনা বৰগোহাঁইয়ে

Share This Article

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদত লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া বিজয়ী লাভলীনা বৰগোহাঁইয়ে বুধবাৰে উপ-আৰক্ষী পদত যোগদান কৰিব। গুৱাহাটী জনতা ভ্ৰমণত এক অনুষ্ঠানত যোগদান কৰিব অসম গৌৰৱ লাভলীনাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব অনুষ্ঠানত। লগতে অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তয়ো উপস্থিত থাকিব। ২০২১ চনৰ টকিঅ অলিম্পিকত পদক লাভ কৰা পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে DSP পদ প্ৰদান কৰিছিল লাভলীনা বৰগোহাঁইক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.