গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ বাবেও পঞ্চায়তৰ অনুমতি ল’ব লাগিব আৰু চৰকাৰক কৰ আদায় দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি পুৱাই বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নতুন কৰ সংগ্ৰহৰ পক্ষে কেতবোৰ যুক্তি আগবঢ়াইছে ৷ সামাজিক মাধ্যমত তেও এইদৰে উল্লেখ কৰে –
‘সেৱাই_পঞ্চায়ত’ৰ আদৰ্শ নাগৰিক চনদৰ বিষয়ে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত কিছু কথা উদ্দেশ্য প্ৰণোদিত ভাৱে প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ গাঁও অঞ্চলত গৃহ নিৰ্মাণ কৰিলে কৰ প্ৰদান কৰা কথাটোৰ বিষয়ে কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ৷
আমি প্ৰায়েই লক্ষ্য কৰিছোঁ আৰু আমালৈ বহুবাৰ অভিযোগ আহে যে গ্ৰামাঞ্চলত ব্যয়বহুল গৃহৰ লগতে বিভিন্ন উদ্যোগ তথা ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰা সময়ত মাটি, শিল, বালি, ইটা আদি সামগ্ৰী ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ দৰে গধুৰ গাড়ীৰে কঢ়িওৱাৰ ফলত বাট পথৰ দুৰৱস্থা হয় ৷ যাৰবাবে চুবুৰীয়া গঞা ৰাইজে জীয়াতু ভূগিবলগীয়া হয় ৷ ইয়াৰ বাবদ ঘৰৰ গৰাকীয়ে কিন্তু পথটিৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে আৰু ৰাইজে চৰকাৰক দোষাৰোপ কৰি থাকে পথ মেৰামতি কৰা নাই বুলি ৷
এনেধৰণৰ কিছু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে পঞ্চায়তে ব্যয়বহুল গৃহ নিৰ্মাণৰ বাবদ কৰ সংগ্ৰহ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ৷ এইবিষয়টো কেৱল অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়ত প্ৰযোজ্য হৈছে ৷ যাতে, ৰাজ্য চৰকাৰৰ অনুদানলৈ অপেক্ষা নকৰি পঞ্চায়ত পৰ্যায়তে এই সমস্যা সমূহৰ সমাধানৰ লগতে সৰু সুৰা যিবোৰ কাম থাকে সেইবোৰ তেতিয়া পঞ্চায়তে নিজৰ সংগৃহিত ধনেৰে কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে উপকৃত হ’ব সেই পঞ্চায়ত সমূহৰ গঞা ৰাইজ ৷ আমি পঞ্চায়তৰ নামত কেৱল নিৰ্বাচনত অংশগ্ৰহণ কৰি জনপ্ৰতিনিধি হৈয়েই সামৰিব বিচৰা নাই, আমি বিচাৰিছোঁ যে সেই পঞ্চায়ত সমূহে যাতে যিকোনো কাম নিজে কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ এই উদ্দেশ্য আগত ৰাখিয়েই আমি ‘সেৱাই পঞ্চায়ত’ বা ‘আদৰ্শ নাগৰিক চনদ’ৰ ব্যৱস্থা কৰিছোঁ ৷’
এই বিষয়ত পৰৱৰ্তী সময়ত তেও উদাহৰণো দাঙি ধৰিব বুলি উল্লেখ কৰে ৷অৱশ্যে মন্ত্ৰীগৰাকীৰ এই যুক্তিকো সামাজিক মাধ্যমত বহু লোকে সমালোচনা কৰিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.