সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তানৰ পতাকা লৈ আগবঢ়া সমদললৈ তালিবানে গুলী চলালে ক’ত ?

আফগানিস্তানৰ জলালাবাদ চহৰত বুধবাৰে কিছুসংখ্যক লোকে আফগানিস্তানৰ পতাকা উৰুৱাই এক সমদল উলিয়াইছিল ৷ এই সমদল পথত আগবঢ়াৰ সময়তে তালিবানে গুলীচালনা কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷

জলালাবাদ আফগানিস্তানৰ পূৱ প্ৰান্তৰ নাংগৰহাৰ প্ৰদেশৰ ৰাজধানী ৷ দেশখনৰ পঞ্চমখন বৃহৎ চহৰ ৷

- Donation -

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে চহৰৰ মাজমজিয়াত থকা এটা স্তম্ভত কিছুসংখ্যক লোকে আফগানিস্তানৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই দিয়ে ৷ তাৰ পাছত কেবাশ লোকে ৰাষ্ট্ৰীয় পতাকা লৈ পথত সমদল উলিয়ায় ৷ সমদল আগবাঢ়িবলৈ লওতেই মূল পথত তালিবানী বন্দুকধাৰীয়ে তেওলোকক বাধা প্ৰদান কৰে ৷

চোছিয়েল মেডিয়াত প্ৰচাৰিত ভিডিও এটাত দেখা গৈছে যে সমদলকাৰীক চত্ৰ ভংগ দিয়াবলৈ শূণ্যলৈ গুলীচালনা কৰা হৈছে ৷

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম পাজহোক আফগান নিউজে এই ঘটনাৰ ভিডিও প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.