আফগানিস্তানৰ পতাকা লৈ আগবঢ়া সমদললৈ তালিবানে গুলী চলালে ক’ত ?

Share This Article

আফগানিস্তানৰ জলালাবাদ চহৰত বুধবাৰে কিছুসংখ্যক লোকে আফগানিস্তানৰ পতাকা উৰুৱাই এক সমদল উলিয়াইছিল ৷ এই সমদল পথত আগবঢ়াৰ সময়তে তালিবানে গুলীচালনা কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷

জলালাবাদ আফগানিস্তানৰ পূৱ প্ৰান্তৰ নাংগৰহাৰ প্ৰদেশৰ ৰাজধানী ৷ দেশখনৰ পঞ্চমখন বৃহৎ চহৰ ৷

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে চহৰৰ মাজমজিয়াত থকা এটা স্তম্ভত কিছুসংখ্যক লোকে আফগানিস্তানৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই দিয়ে ৷ তাৰ পাছত কেবাশ লোকে ৰাষ্ট্ৰীয় পতাকা লৈ পথত সমদল উলিয়ায় ৷ সমদল আগবাঢ়িবলৈ লওতেই মূল পথত তালিবানী বন্দুকধাৰীয়ে তেওলোকক বাধা প্ৰদান কৰে ৷

চোছিয়েল মেডিয়াত প্ৰচাৰিত ভিডিও এটাত দেখা গৈছে যে সমদলকাৰীক চত্ৰ ভংগ দিয়াবলৈ শূণ্যলৈ গুলীচালনা কৰা হৈছে ৷

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম পাজহোক আফগান নিউজে এই ঘটনাৰ ভিডিও প্ৰকাশ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.