২০২৩ ত বিপদত ভাৰত !

Share This Article

২০২৩ চনটো ভাৰতৰ বাবে হয়তো চিন্তা আৰু উদ্বেগৰ বৰ্ষ হ’ব।কিয়নো চীন বৰ্তমান আমেৰিকাৰ ওপৰত ক্ষুদ্ধ৷কিন্তু আমেৰিকাক বলে নোৱাৰা শিল বুলি ভাৱে চীনে৷সেয়ে যুদ্ধ তথা আক্ৰমণপিপাসু চীনে হয়তো হিমালয়ৰ পাদ দেশবোৰলৈ চকু দিব অতি শীঘ্ৰে।আমেৰিকা আৰু চীন -দুয়োখন দেশৰ মাজত কোন শক্তিশালী তাক লৈ দুয়োখন দেশৰ চলিছে গোপন শীতল যুদ্ধ !ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছত এই আশংকা ঘনীভূত হৈছে যে চীনে যিকোনো মুৰ্হুততে কঠিন তথা চূড়ান্ত পদক্ষেপ ল’ব পাৰে।আৰু সেই আশংকা চীনে ভাৰতৰ ক্ষেত্ৰতে লোৱাৰ সম্ভাৱনা আছে।চীন আৰু ভাৰতৰ মাজত শীতল যুদ্ধ বহুত দিনৰ পৰাই চলি আছে৷চিয়াচেন আৰু আন সীমান্ত অঞ্চলত অঘোষিত যুদ্ধ চলি আছে ভাৰত-চীনৰ।চীনে ভাৰতক আক্ৰমণ কৰাৰ সম্ভাৱনা কিয় বেছি?চীনত ১৯৪০ চনত কমিউনিষ্ট পাৰ্টিৰ শাসন আৰম্ভ হোৱাৰ সময়তে আন ৰাষ্ট্ৰীয়তাবাদী দলবোৰ টাইৱানলৈ গুছি গৈছিল৷এই ৰাষ্ট্ৰীয়তাবাদী সকলে টাইৱানত গণতান্ত্ৰিক শাসন প্ৰবৰ্তন কৰিছিল।বৰ্তমান চীনে টাইৱানক ইয়াৰ অংশ হিচাপে ঘোষণা কৰিছে কিন্তু তথাপিও আমেৰিকাৰ সমৰ্থনৰ বাবে তাত চলি থকা গণতান্ত্ৰিক চৰকাৰখনে এক স্বাধীন ভূমিকা গ্ৰহণ কৰি আছে।ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিছত ,সকলোৱে ভাবিছিল যিকোনো মুৰ্হুততে চীনে টাইৱানক আক্ৰমণ কৰিব।কিন্তু সেই সময়তে আমেৰিকাই মুকলি মঞ্চত কৈ দিলে যে কোনোবাই টাইৱানৰ ওপৰত আক্ৰমণ চলালে আমেৰিকাই তালৈ সেনাৰ গোট পঠিয়াব।আনকি ২০২২চনৰ ২ আগষ্টত আমেৰিকাৰ হাউছ অব ৰিপ্ৰেজেণ্টেটিভৰ মুখপাত্ৰ নেন্সী পেলচীয়ে টাইৱান ভ্ৰমণ কৰিছিল৷সেই সময়ত চীনে ফাইটাৰ জেট প্ৰেৰণ কৰিছিল টাইৱানলৈ।জাপানৰ কাষৰ কিছুসংখ্যক দ্বীপপুঞ্জ দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই চীন আৰু জাপানৰ বাবে উদ্বেগৰ কাৰণ৷এই দ্বীপপূঞ্জখিনিক জাপানে চেনকাকু দ্বীপপূঞ্জ বুলি আখ্যা দিয়াৰ বিপৰীতে চীনে এই দ্বীপপুঞ্জক দিয়াও দ্বীপপূঞ্জ আখ্যা আখ্যা দিয়ে।ইতিমধ্যে এই দ্বীপপুঞ্জৰ দখলদাৰিত্বক লৈ মতবিৰোধ চলি আছে,দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ পিছত চীনে মুকলিকৈয়ে সেই দ্বীপপূঞ্জৰ ওপৰত দখলদাৰিত্ব ঘোষণা কৰিছে।এই দ্বীপপুঞ্জবোৰ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ যাৰ বাবে ইয়াৰ ওপৰত লোলুপ দৃষ্টি সকলোৰে আছে।২০২৩ চনত চীনে এই দ্বীপপূঞ্জত আন্তৰ্জাতিক স্বীকৃতি লৈ সম্পূৰ্ণ দখলদাৰিত্ব লোৱাৰ সপোন এটা পুহি ৰাখিছে।দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই জাপানে বিশ্বত এছিয়াক প্ৰতিনিধিত্ব কৰি আহিছে৷সেয়ে জাপানৰ লগত প্ৰত্যক্ষ যুদ্ধত চীন লিপ্ত হোৱাৰ সম্ভাৱনা কম৷চীনৰ ৰাষ্ট্ৰপতি জি জিনপিনে ৰাছিয়াৰ দৰে বাণিজ্যিক সম্প্ৰসাৰণ তাত কৰিব বিচৰা নাই।কিম জং উনৰ স্বেচ্ছাচাৰী শাসন সমগ্ৰ বিশ্বৰ বাবেই এক মূৰৰ কামোৰণি৷২০২২চনত কিম জং উনে কৈছিল তেওঁ যদি তেওঁৰ দেশৰ প্ৰতি ভাবুকি অহা বুলি ভাৱে,তেওঁ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ পিছ নোহোহকে।ৰাছিয়া আৰু চীনে মুকলিকৈয়ে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসনক সমৰ্থন কৰি আহিছে৷২০২২ৰ শেষৰ ফালে অথবা ২০২৩ ত নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিবলৈকে কিম জঙে যিকোনো পাৰমানৱিক পৰীক্ষা সম্পন্ন কৰাৰ সম্ভাৱনা আছে৷যদি এনে এটা পৰীক্ষণ সম্পন্ন কৰে তেন্তে এইটো হ’ব দেশখনৰ সপ্তম পৰীক্ষা।অৱশ্যে ২০১৭ চনৰ পৰা এইটো হ’ব প্ৰথম পৰমাণু পৰীক্ষা।ভাৰত এতিয়া চীনৰ বাবে বৃহৎ প্ৰত্যাহ্বান।অৰ্থনীতিৰ ফালৰ পৰা এছিয়াৰ দেশবোৰৰ ভিতৰত জাপান শীৰ্ষত আছে যদিও কিন্তু ছুপাৰ পাৱাৰ নাথাকিলেও ভাৰতৰ বিশ্ব দৰবাৰত এক সুকীয়া প্ৰতিচ্ছবি আছে৷সেয়ে চীনে ভাৰতক লক্ষ্য হিচাপে লোৱাৰ সম্ভাৱনা অধিক ।২০২৩ ত ভাৰত -চীন সীমান্তত যিকোনো মুৰ্হুতত উদ্বেগজনক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.