সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত ভাৰতীয়ৰ হাহাকাৰ : চাৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে তদাৰক কৰিব উদ্ধাৰ অভিযানৰ

অৱশেষত সাৰ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইউক্ৰেইনক আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰক লৈ আজি এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি , কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিঙ পুৰী , জ্যোতিৰাদিত্য সিন্ধিয়া , কিৰেন ৰিজিজু আৰু ভি কে সিঙক আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী চাৰিগৰাকীয়ে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহত বাহৰ পাতি এই অভিযানৰ তদাৰক কৰিব ৷

Leave A Reply

Your email address will not be published.