খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?

Share This Article

ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে। তদুপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে এতিয়া বিশ্বৰ বহু দেশত বৃদ্ধি পাইছে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। এই ক্ষেত্ৰত বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিশ্বৰ খাৰুৱা তেল উৎপাদনকাৰী আৰু ৰপ্তানিকাৰী দেশ সমূহৰ ভূমিকা। বিশ্বৰ খাৰুৱা উৎপাদনকাৰী দেশ সমূহে উৎপাদন বৃদ্ধিৰ বাবে অন্য দেশ সমূহে কৰা অনুৰোধ বাৰে বাৰে প্ৰত্যাখান কৰি আহিছে। আনকি খাৰুৱা তেল উৎপাদনকাৰী দেশ সমূহৰ এনে আচৰণত এতিয়া ক্ষোভিত হৈ পৰিছে বিশ্বৰ মহা শক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰও। কিন্তু কি কৰিছে তেল ৰপ্তানিকাৰী দেশ সমূহে ? কিহৰ বাবে বিদ্ৰোহ কৰিবলৈ সাজু হৈছে আমেৰিকা? ভাৰতে কিয় মুকলি কৰি দিব লাগিব নিজৰ ব্যক্তিগত তৈল ভাণ্ডাৰ? বিগত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰই চীন তথা ভাৰত আৰু জাপানকে ধৰি বিশ্বৰ আটাইতকৈ বেছি তেল ব্যৱহাৰকাৰী ৰাষ্ট্ৰ সমূহক এটা বিশেষ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে পেট্ৰ’লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন Organisation of the Petroleum Exporting Countries আৰু ইয়াৰ মিত্ৰশক্তিৰ সদস্য দেশ বোৰে খাৰুৱা তেলৰ উৎপাদন বৃদ্ধিৰ অনুৰোধ প্ৰত্যাখান কৰাৰ পিছত এতিয়া বিশ্বব্যাপী ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ এক সমন্বিত প্ৰচেষ্টা হিচাপে আমেৰিকাই ভাৰতকে ধৰি আন কিছু সংখ্যক দেশক নিজৰ অশোধিত তেলৰ ভাণ্ডাৰ মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে। আমেৰিকাৰ হোৱাইট হাউচে দিয়া তথ্য অনুসৰি আমেৰিকাই নিজৰ ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভৰ পৰা ৫০ নিযুত বেৰেল খাৰুৱা তেল মুকলি কৰি দিব। ইয়াৰ উপৰিও বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল আমদানিকাৰী দেশ ভাৰতে নিজৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভৰ পৰা ৫ নিযুত বেৰেল খাৰুৱা তেল মুকলি কৰিব। বিগত মাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৫ ডলাৰ হৈছিলগৈ। সেয়েহে এতিয়া বিশ্বব্যাপী খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ সমন্বিত প্ৰচেষ্টা হিচাপে ভাৰতেও নিজৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভৰ পৰা খাৰুৱা তেল মুকলি কৰি দিব। উল্লেখযোগ্য যে ৫ নিযুত বেৰেল পেট্ৰল ভাৰতত মাত্ৰ এদিনতে ব্যবহাৰ কৰা হয়। ইয়াৰ দ্বাৰা বিশ্বৰ তেল ৰপ্তানিকাৰী দেশ সমূহক এটা বাৰ্তা দিব বিচৰা হৈছে। অশোধিত খাৰুৱা তেলৰ মূল্যৰ ওপৰত Organisation of the Petroleum Exporting Countriesৰ আধিপত্যৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাজ্য তথা জাপান আৰু ভাৰতৰ ফালৰ পৰা এইয়া হব এটা সাংকেতিক অঙ্গীকাৰ। উল্লেখযোগ্য যে ৰাছিয়াকে ধৰি খাৰুৱা তেল ৰপ্তানিকাৰী দেশ সমূহে প্ৰতিদিনে ৪ লাখ বেৰেল তেল মুকলি কৰি দিয়ে। এই পৰিমাণ বিশ্বব্যাপী তেলৰ দাম হ্ৰাস কৰাৰ বাবে পৰ্যাপ্ত নহয়। অহা ২ ডিচেম্বৰত বিশ্বব্যাপী খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে তেল ৰপ্তানিকাৰী দেশ সমূহ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব। ভাৰতে নিজৰ তেলৰ চাহিদাৰ ৮৬% পূৰণ কৰিবলৈ আমদানিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে প্ৰতি বছৰে প্ৰায় ২২৬ নিযুত টন খাৰুৱা তেল আমদানি কৰে। ভাৰতে বিশ্বাস কৰে যে খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মূল কাৰণ। খাৰুৱা তেল ৰপ্তানিকাৰী দেশ সমূহে ইতিমধ্যেই ভাৰতে তেলৰ মূল্য হ্ৰাস কৰিবলৈ জনোৱা অনুৰোধ বহুবাৰ নাকচ কৰিছে। সেয়েহে এতিয়া নিজৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভৰ পৰা তেল মুকলি কৰি দিবলৈ সাজু হৈছে ভাৰত। ভাৰতে এই ঘোষণা কৰাৰ কেই ঘণ্টা মানৰ পূৰ্বে আমেৰিকাইও নিজৰ ৬০০ নিযুত বেৰেলৰ পৰা ৫০ নিযুত বেৰেল তেল মুকলি কৰি দিব বুলি ঘোষণা কৰিছিল। তদুপৰি চীন – জাপান – দক্ষিণ কোৰিয়া আৰু ইউনাইটেড কিংডমৰ পৰা সঁহাৰি আশা কৰা হৈছে। ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এতিয়া কঠোৰভাৱে ঘোষণা কৰিছে যে জুলীয়া হাইড্ৰকাৰ্বনৰ মূল্য যুক্তিসংগত আৰু দায়বদ্ধ হোৱা উচিত। ভাৰতে পূব আৰু পশ্চিম উপকূলৰ তিনিটা স্থানত ভূগৰ্ভস্থ গুহাবোৰত তেল সংৰক্ষণ কৰে আৰু ইতিহাসত প্ৰথম বাৰৰ বাবে ভাৰতে নিজৰ সঞ্চিত তৈল ভাণ্ডাৰ মুকলি কৰিব। ভাৰতে ১.৩৩ নিযুত টন খাৰুৱা তেল অন্ধ্ৰপ্ৰদেশত, ১.৫ নিযুত টন তেল মাংগালোৰুত আৰু ২.৫ নিযুত টন তেল পাদুৰত সংৰক্ষণ কৰি ৰাখিছে। উল্লেখ্য যে তেল মুকলি কৰাটো ভাৰতৰ ফালৰ পৰা তেল ৰপ্তানিকাৰী দেশ সমূহলৈ এটা সাংকেতিক বাৰ্তা হব। ভাৰতে অহা ৭ৰ পৰা ১০ দিনৰ ভিতৰত এই তৈল ভাণ্ডাৰ মুকলি কৰি দিব। ভাৰতৰ হিন্দুস্তান পেট্ৰলিয়াম, মাংগালোৰু ৰিফেনাৰী আৰু পেট্ৰকেমিচেলছ লিমিটেডে লাভ কৰিব এই তেল খিনি। কিন্তু এতিয়া প্ৰশ্ন উঠিছে – আমেৰিকাৰ উছতনিত দেশ সমূহে নিজৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভৰ পৰা তৈল ভাণ্ডাৰ মুকলি কৰাৰ ফলত তেল ৰপ্তানিকাৰী দেশ সমূহে নিজৰ উৎপাদন বৃদ্ধিত গুৰুত্ব নিদিব নেকি? ইয়াৰ ফলত এখন গোলকীয় যুদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সি যিয়েই নহওঁক কিয় আমেৰিকাৰ নেতৃত্বত ভাৰতকে ধৰি খাৰুৱা তেল আমদানিকাৰী দেশ সমূহে লোৱা সিদ্ধান্তই তেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰিব পাৰিব নে নোৱাৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.