হু ইজ এ ভি ডি ভিলিয়াৰ্ছ?

Share This Article

এ বি ডি ভিলিয়াৰ্চ। বিশ্ব ক্ৰিকেটত বলাৰৰ বাবে এটা ত্ৰাসৰ নাম এ বি ডি ভিলিয়াৰ্চ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্দান্ত বেটছমান এ বি ডি ভিলিয়াৰ্চৰ নাম নুশুনা ক্ৰিকেট প্ৰেমী হয়তো হয়তো কমেই ওলাব। টি-২০-এদিনীয়া কিম্বা টেষ্ট প্ৰতিটো ফৰ্মেটতে আছে এ বি ডি ভিলিয়াৰ্চৰ আধিপত্য। IPLৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ সদস্য হিচাপে ভাৰততো অতি জনপ্ৰিয় এ বি ডি ভিলিয়াৰ্চ। তদুপৰি ভাৰতৰ সৈতে এ বি ডি ভিলিয়াৰ্চৰ স্মৃতি অতি মধুৰ। ২০১২ চনত দেশৰ পুৰানিক কীৰ্তি স্তম্ভ তথা অমৰ প্ৰেমৰ নিদৰ্শন তাজমহলতে এ বি ডি ভিলিয়াৰ্ছে নিজৰ প্ৰেমিকা ডেনিয়েল স্বৰক প্ৰেমৰ প্ৰস্তাৱ দিছিল। ইয়াৰ উপৰিও 360° এংগলত বলাৰক প্ৰহাৰ কৰি ইতিমধ্যেই বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিছে এ বি ডি ভিলিয়াৰ্ছে। কিন্তু বিগত ১৯ নৱেম্বৰত সকলো অনুৰাগীকে আৱেগিক কৰি আনুষ্ঠনিকভাৱে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে এ বি দি ভিলিয়াৰ্ছে। বিশ্ব ক্ৰিকেটৰ Mr 360 খ্যাত এ বি ডি ভিলিয়াৰ্চৰ জন্ম হৈছিল দক্ষিণ আফ্ৰিকাৰ পূৰ্বৰ ৱাৰ্মবাদ অৰ্থাৎ বৰ্তমানৰ বেলা-বেলাত ১৯৮৪ চনৰ ১৭ ফেব্ৰুৱাৰীত। এ বি ডি ভিলিয়াৰ্চৰ সম্পূৰ্ণ নাম হৈছে আব্ৰাহাম বেঞ্জামিন দি ভিলিয়াৰ্চ। এ বি ডি ভিলিয়াৰ্চৰ পিতৃৰ নাম আছিল আব্ৰাহাম বি ডি ভিলিয়ৰ্ছ আৰু মাতৃৰ নাম আছিল মিলি ডি ভিলিয়ৰ্ছ। ঘৰৰ তৃতীয় সন্তান এ বি ডি ভিলিয়াৰ্চে সতীৰ্থ তথা দক্ষিণ আফ্ৰিকাৰ আন এগৰাকী দুৰ্দান্ত বেটছমেন আৰু ফিল্ডাৰ ফাফ ডু প্লেচিছৰ লগত প্ৰিটোৰিয়াৰ আফ্ৰিকানচে হৱেৰ চেউন স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ফাফ এ বি ডি ভিলিয়াৰ্চৰ শৈশৱৰ বন্ধু আছিল। এ বি ডি ভিলিয়াৰ্চ অকল মাত্ৰ হাইস্কুল গ্ৰেজুৱেট আছিল। ভিলিয়াৰ্চৰ দেউতাক আছিল এজন চিকিৎসক আৰু দেউতাকেই এ বি ডি ভিলিয়াৰ্চক ক্ৰিকেট খেলিবলৈ অনুপ্ৰেৰণা যোগাইছিল। ২০০৪ চনৰ ১৭ ডিচেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এজন উইকেট কীপাৰ বেটছমেন হিচাপে আত্মপ্ৰকাশ ঘটাইছিল এ বি ডি ভিলিয়াৰ্চে আৰু ২০০৫ চনৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত খেলাৰ সুযোগ লাভ কৰিছিল ভিলিয়াৰ্চে। আন্তঃৰাষ্ট্ৰীয় টুৱেণ্টি-২০ ক্ৰিকেটত ভিলিয়াৰ্চৰ আত্মপ্ৰকাশ ঘটিছিল ২০০৬ চনত। ভিলিয়াৰ্ছে টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰমেটততে ৮০০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে। সীমিত অভাৰৰ ক্ৰিকেটত ভিলিয়াৰ্চ এজন আক্ৰমনাত্মক খেলুৱৈ। 2015 চনৰ ১৮ জানুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মাত্ৰ ৩১ টা বলত দ্ৰুততম এদিনীয়া শতকৰ অৰ্জন কৰি দ্ৰুততম শতকৰ অভিলেখ গঢ়া ভিলিয়াৰ্ছে সেই একেখন খেলতে ১৬ টা বলত ৫০ ৰাণ কৰি তেতিয়াৰ দ্ৰুততম অৰ্ধ শতক অৰ্জন কৰিছিল। ভিলিয়াৰ্ছে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দক্ষিণ আফ্ৰিকা দলক অধিনায়কত্ব কৰিছিল। যদিও কেইবাটাও আঘাতৰ পিছত ভিলিয়াৰ্ছে অধিনায়কত্ব এৰি দিবলৈ বাধ্য হৈছিল। ২০১৭ চনত ভিলিয়াৰ্ছে সীমিত অভাৰৰ খেলসমূহৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিছিল আৰু ২০১৮ চনত মে মাহ সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ভিলিয়াৰ্ছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তনৰ যো জা চলাইছিল ভিলিয়াৰ্ছে কিন্তু অৱশেষত বিগত ১৯ নৱেম্বৰত আনুষ্ঠানিক ভাৱে ক্রিকেটক বিদায় দিলে ভিলিয়াৰ্ছে। উইকেট কীপাৰ বেটছমেন হিচাপে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰা ভিলিয়াৰ্ছক আধুনিক যুগৰ আটাইতকৈ অভিনৱ আৰু ধ্বংসাত্মক বেটছমেন হিচাপে গণ্য কৰা হয় আৰু লগতে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে স্বীকৃতি দিয়া হয়। ভিলিয়াৰ্ছে নিজৰ কেৰিয়াৰৰ প্ৰথম ৭৮ খন টেষ্ট মেটছত এবাৰো শূণ্যত আউট হোৱা নাছিল। ভিলিয়াৰ্ছে আনকি ২০১০, ২০১৪ আৰু ২০১৫ চনত ICC ODI Player or The Matchৰ সন্মান লাভ কৰিছিল। ২০০৮ চনৰ ৪ এপ্ৰিলত ভিলিয়াৰ্ছ ভাৰতৰ বিৰুদ্ধে দ্বি শতক অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.