ভাৰতীয় যুৱতীক বিয়া কৰোৱা বাবেও হাছান আলীক আক্ৰমণ , ছামিয়াক মৃত্যুৰ ভাবুকি

Share This Article

পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হ’ল কিন্তু পাকিস্তানীৰ খঙ এতিয়াও কমা নাই ৷ বিশেষকৈ ১৯ তম অভাৰত মেথিউ ৱেডৰ কেচ মিছ কৰা হাছান আলীৰ বিৰুদ্ধে গৰজিয়েই আছে পাকিস্তানী ক্ৰিকেট সমৰ্থকসকল ৷ প্ৰথমতে তেওক ছিয়া মুছলমান হিচাপে দুৰ্ঘোৰ গালি গালাজ কৰা হ’ল ৷ চুন্নী প্ৰধান দেশ পাকিস্তানত হাছান আলীক জঘন্য ধৰ্মীয় আক্ৰমণ কৰাৰ পাছত ভাৰতীয় যুৱতীক বিয়া কৰোৱা বাবেও ককৰ্থনা কৰা হ’ল ৷ হাছান আলীৰ পত্নী ছামিয়াৰ জন্ম হাৰিয়ানাত ৷ ছামিয়া বৃত্তিত এগৰাকী বিমান অভিযন্তা ৷ ২০১৯ চনত তেও ডুবাইত হাছান আলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৷ পাক ক্ৰিকেটৰ সমৰ্থকসকলে ছামিয়াক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ উপৰিও সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়াও পৰলক্ষিত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.