সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা : ৮৫ শতাংশই ল’লে ভেকছিন , তাৰ পাছতো এদিনত আক্ৰান্ত সৰ্বাধিক লোক

কোভিডৰ নতুন ঢৌয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইউৰোপত ৷ ৰাছিয়াত যোৱা এটা মাহত ক’ৰোনাত আক্ৰান্ত হৈ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ জাৰ্মানীৰ অৱস্থাও সংকটজনক ৷ জাৰ্মান চৰকাৰে আৰু এক লাখ লোকৰ মৃত্যুৰ আশংকা ব্যক্ত কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থা, হুৰ সকীয়ণি – সমগ্ৰ ইউৰোপ এই শীতকালত ক’ৰোণাৰ সংক্ৰমণত ভুগিব ৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫ লাখ লোকৰ মৃত্যু হ’ব পাৰে ৷ইয়াৰ পূৰ্বাভাষ এতিয়াই স্পষ্ট হৈছে ৷
জাৰ্মানী , নেদাৰলেণ্ড , নৰৱে , অষ্ট্ৰিয়া , ৰোমানিয়া আদিত দ্ৰুতগতিত কোভিড সংক্ৰমিত হৈছে ৷ হুৰ মতে এটা সপ্তাহত ইউৰোপত কোভিডত মৃত্যুৰ হাৰ ১০ শতাংশ বৃদ্ধি পাইছে ৷ সংক্ৰমণ অধিক বৃদ্ধি পাইছে নেদাৰলেণ্ডত ৷ কিন্তু সেই দেশত ইতিমধ্যে ৮৫ শতাংশ লোকেই ভেকছিন গ্ৰহণ কৰিছে ৷ তাৰ পাছতো নেদাৰলেণ্ডত বিগত ২৪ ঘন্টাত ১৬,৬৩৪ জন লোক কোভিডত আক্ৰান্ত হৈছে ৷এয়া হৈছে দেশখনৰ সৰ্বোচ্চ দৈনিক সংক্ৰমণ ৷অষ্ট্ৰিয়াতো এদিনত আক্ৰান্ত হৈছে ১১ হাজাৰ লোক ৷ অষ্ট্ৰিয়া আৰু জাৰ্মানীয়ে ভেকছিন নোলোৱা লোকৰ আহ যাহৰ ওপৰত কেতবোৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷নৰৱেত ৮৭ শতাংশ লোকৰ ভেকছিনেছন সম্পূৰ্ণ হৈছে যদিও ১৮ বছৰৰ উৰ্ধৰ লোকক বুষ্টাৰ ডোজ দিয়াৰ পদক্ষেপ লৈছে চৰকাৰে ৷ আনহাতে , যিসকলে ভেকছিন লোৱা নাই , তেওলোকৰ বাবে সপ্তাহত দুবাৰ কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ৷
ইউৰোপৰ প্ৰায়বোৰ দেশতে ৮০ শতাংশ লোকে ভেকছিন লৈছে ৷ কিন্তু তাৰ পাছতো কোভিডৰ নতুন ঢৌয়ে সকলোকে চিন্তাত পেলাইছে ৷

Leave A Reply

Your email address will not be published.