শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আকৌ উজ্জলিল “ব্ৰিজ”

Share This Article

ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা লাভ লাভ কৰিবলৈ সক্ষম হোৱা”ব্ৰিজ” চিনেমা খনে শেহতিয়াকৈ ৫-৯ নবেম্বৰ ২০২১ লৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান- ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতা ই শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান আৰু চিনেমা খনৰ মুল অভিনেত্ৰী শিৱা ৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।
উল্লেখযোগ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল ।
ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ৩৭ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান
ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজ ৰ স্হান লাভ আদি উল্লেখযোগ্য। কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনা ৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰিজ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই অ’টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। পৰিচালক কৃপাল কলিতা ই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিক্সৰ শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান ।
ব্ৰিজ ৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতা ৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজ ৰ সম্পাদনা কিশোৰ ডেকা প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা।কলা নিৰ্দেশনা দ্বীপেন চুতীয়া ।চিংক চাওণ্ড মাধব দাস আৰু গুনজিৎ শৰ্মা। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতম।ডি আই ৰাজেশ য়াদব।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া।ব্ৰিজ ৰ মুল চৰিত্ৰ টোত অভিনয় কৰিছে শিৱা ৰানী কলিতা ই আনহাতে অনিন্দিতা দাস গোপমনী গগৈ,পাৰ্থ প্ৰতিম বৰা স্বপ্নীল নাথ ভূপেন শৰ্মা,সুৰেন মহন্ত ৰীনা বৰা ৰোহিনী কুমাৰ ডেকা ধনজিৎ শৰ্মা শচিন্দ্ৰ ভূঞা, ।বিশ্বনাথ বিশ্বাস ,ৰাজু ভড়ালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভুমিকা ত ব্ৰীজ ত অভিনয় কৰিছে। সহকাৰী পৰিচালক দ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ।
অহা বছৰৰ ৪ ফেব্ৰুৱাৰী ত ব্ৰিজ ছবি গৃহলৈ আহিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.