বিদায় বেলাতো ৰছিদ খানৰ নতুন অভিলেখ

Share This Article

ৰছিদ খান ৷ বিশ্বৰ এগৰাকী আগশাৰীৰ স্পিনাৰ ৷ আফগানিস্তানৰ দৰে দেশৰ পৰা আহিও তেও দুৰ্দমনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিছে ৷ দেওবাৰে নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ টি২০ বিশ্বকাপৰ পৰা বিদায় মাগিলে আফগানিস্তানে ৷ কিন্তু বিদায় বেলাতো এক অভিলেখ ৰচনা কৰি গ’ল ৰছিদ খানে ৷
টি ২০ ক্ৰিকেটত ৪০০ উইকেট লাভ কৰা আটাইতকৈ যুৱ বলাৰ হোৱাৰ কীৰ্তিমান ৰচনা কৰিলে ৰছিদ খানে ৷ তেও মাৰ্টিন গুপ্তিলৰ ৰূপত ৪০০ তম উইকেটটো লাভ কৰে ৷ টি ২০ ক্ৰিকেটত ৰছিদ খানতকৈ বেছি উইকেট দখল কৰা বলাৰসকল হ’ল ডৰেন ব্ৰেভো , সুনীল নাৰাইন আৰু ইমৰান তাহিৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.