ডেমন গেলগুটৰ কোনখন গ্ৰন্থলৈ এই বছৰৰ বুকাৰ বঁটা ?

Share This Article

আফ্ৰিকান লেখক ডেমন গেলগুটলৈ আগবঢ়োৱা হৈছে বুকাৰ বঁটা ৷ ‘দ্য প্ৰমিজ ‘ শীৰ্ষক উপন্যাসৰ বাবে তেওলৈ এই সন্মান প্ৰদান কৰা হৈছে ৷ বুকাৰ বঁটা লাভ কৰা তেও হৈছে দক্ষিণ আফ্ৰিকাৰ তৃতীয়গৰাকী সাহিত্যিক ৷ ইয়াৰ পূৰ্বেও ডেমন গেলগুটৰ ‘দ্য গুড ডক্টৰ’ আৰু ‘ইন এ ষ্ট্ৰেঞ্জৰুম’ বুকাৰৰ বাবে তালিকাভুক্ত হৈছিল যদিও বাচনিত উঠা নাছিল ৷ ‘দ্য প্ৰমিজ’ শীৰ্ষক উপন্যাসখনত তেও এখন কৃষি পামত কৰ্মৰত এটা শ্বেতাংগ পৰিয়ালৰ কাহিনীৰ মাজেৰে দক্ষিণ আফ্ৰিকাৰ ৪০ বছৰৰ ইতিহাসক প্ৰতিফলিত কৰিছে ৷
ডেমন গেলগুটৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ নাডিন গাৰ্ডিমাৰে ১৯৭৪ চনত আৰু জে এম কোৱাটজিয়ে ১৯৮৩ আৰু ১৯৯৯ চনত দুবাৰকৈ বুকাৰ বঁটা লাভ কৰিছিল ৷ বুকাৰ লাভৰ বাতৰি পোৱাৰ পাছতে ডেমন গেলগুটে কয় যে এয়া আফ্ৰিকান লেখকসকলৰ বাবে এটা সফল বৰ্ষ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.