আফগানিস্তান এৰা আমেৰিকাৰ শেষৰজন সৈনিক কোন ?

Share This Article

আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ল আমেৰিকান সেনা ৷ তাৰ পূৰ্বে তাত থকা আমেৰিকাৰ সকলো লোককে দেশলৈ ঘূৰাই নিয়া হয় ৷ প্ৰতিগৰাকী নাগৰিক সুকলমে আমেৰিকালৈ উভতি যোৱাৰ পাছত মঙলবাৰে নিশা আফগানিস্তান এৰিলে শেষৰজন আমেৰিকান সেনাই ৷ চি ১৭ বিমানযোগে আমেৰিকালৈ উভতি গ’ল ক্ৰিস্টোফাৰ টি ডোনাছও ৷

বিগত ২০ বছৰ ধৰি লক্ষাধিক আমেৰিকান সেনাই দখল কৰি আছিল আফগানিস্তান ৷এই বিশাল সেনাবাহিনীৰে এগৰাকী অন্যতম বিষয়া আছিল ক্ৰিস্টোফাৰ টি ডোনাছও ৷ তেও উত্তৰ কেৰোলিনাৰ ৮২ তম এয়াৰবোৰ্ণ ডিভিজনৰ কামাণ্ডিঙ জেনেৰেলৰ দায়িত্বত আছে ৷ নিউয়ৰ্ক ওৱেষ্ট পইন্টৰ মিলিটেৰী একাডেমীৰ পৰা স্নাতক হোৱাৰ পাছত তেও ছেকেণ্ড লেফটেনেন্ট হিচাপে কামত যোগ দিছিল ৷পৰৱৰ্তী সময়ত তেও বিভিন্ন দেশত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰে ৷ বিগত ২৯ বছৰৰ কৰ্মজীৱনত বহুকেইটা গুৰুত্বপূৰ্ণ অভিযানৰ নেতৃত্ব দিছিল ক্ৰিস্টোফাৰ টি ডোনাছয়ে ৷৩০ আগষ্টৰ নিশা কাবুল বিমান বন্দৰৰ পৰা আমেৰিকালৈ ৰাওনা হোৱা সময়ত নাইট ভিজন কেমেৰাত বন্দী হ’ল তেওৰ এই ফটোখন ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.