লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি

Share This Article

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ছিলভাক অভিনন্দন জনাই টুইটত লিখিছে “ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে আপোনাক অভিনন্দন। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অটুত আৰু অধিক মজবুত কৰাৰ বাবে আমি আপোনাৰ সহযোগিতা বিচাৰিছোঁ।”ছিলভাই তেওঁৰ প্ৰতিন্দন্দ্বী জায়েৰ বলচ’নাৰ’ক পৰাভূত কৰি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।ছিলভাই মুঠ ৫০.৮৩ শতাংশ ভোট লাভ কৰিছে।৭৬ বছৰীয়া ল’লা ছিলভাই তেওঁৰ প্ৰতিন্দন্দ্বী বলচ’নাৰ’ৰ বিপক্ষে ভোট বিচাৰিছিল নতুন কৰ নীতি প্ৰবৰ্তন কৰাৰ প্ৰতিশ্ৰুতিৰে।তদুপৰি দেশখনৰ পৰা ক্ষুধা নিবাৰণৰ প্ৰতিশ্ৰুতিও দিছিল নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে।আনহাতে,বলছানাৰ’ই কনজাৰ্ভেটিভ লিবাৰেল দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিল৷তেওঁ দেশখনত খনিৰ খনন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷তদুপৰি শক্তিখণ্ডৰ মূল্য হ্ৰাস কৰিবলৈ বিকল্প শক্তিৰ চিন্তাচৰ্চা কৰিব বুলি ঘোষণা কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.