দুটা দশকযোৰা যুদ্ধৰ পৰিসমাপ্তি! আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে আমেৰিকাই

Share This Article

অৱশেষত দুটা দশকৰ যুদ্ধৰ পৰিসমাপ্তি ঘটিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইডেন প্ৰশাসনে আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে। বিগত সোমবাৰে আফগানিস্তানৰ পৰা উৰা পৰা আমেৰিকালৈ উৰা মাৰিছিল অন্তিমখন সামৰিক বিমান। প্ৰায় ২০ বছৰ আগতে তালিবানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত নাটো বাহিনীয়ে আফগানিস্তানত সামৰিক ঘাটি স্হাপন কৰিছিল। বৰ্তমান তালিবানে আফগানিস্তানক সম্পূৰ্ণ স্বাধীন বুলি ঘোষণা কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকান সামৰিক বাহিনীৰ অন্তিমটো দলে আফগানিস্তান এৰাৰ পিছত কয় যে আমেৰিকাই ২০ বছৰ ধৰি সময়ে সময়ে আফগানিস্তানত সৈন্য মোতায়েন কৰি আহিছে। এতিয়া আমি সকলো সৈন্য প্ৰত্যাহাৰ কৰিলো। বাইডেনে তালিবানৰ নিয়ন্ত্ৰণাধীন আফগানিস্তানৰ পৰা অসামৰিক লোকক উদ্ধাৰ অভিযান চলোৱাৰ বাবে সেনা জোৱান সকলকো প্ৰশংসাৰে উপচাই পেলাইছে। বাইডেনে তালিবানক আফগানিস্তান এৰিব বিচৰা সকলক সুৰক্ষিতভাৱে যাবলৈ অনুমতি দিয়াৰ প্ৰতিশ্ৰুতিৰ কথাও সোঁৱৰাই দিছিল। বাইডেনে আজি আবেলি দেশবাসীক সম্বোধন কৰাৰ সম্ভাৱনা আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ লগে লগে পেন্টাগনৰ বিষয়া জেনেৰেল ফ্ৰেংক মেকেঞ্জিয়ে কয় যে অন্তিমখন বিমান চি-১৭-এ ইতিমধ্যেই আফগানিস্তান এৰিছে। কূটনীতিবিদ আৰু আমেৰিকান নাগৰিকসহ প্ৰায় ৬,০০০ লোকক নিৰাপদে ঘূৰাই অনা হৈছে।
তালিবানো সুখী! কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই আফগানিস্তান ত্যাগ কৰিছে। তালিবানৰ মুখপাত্ৰ কুয়াৰিউচুফে সংবাদ সংস্থা আল জাজিৰাৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে শেষৰজন আমেৰিকান সেনাই কাবুল বিমানবন্দৰ এৰিছে। আমাৰ দেশ এতিয়া সম্পূৰ্ণৰূপে স্বাধীন।
তালিবানৰ সৈতে হোৱা চুক্তিৰ পিছতে আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ কাম আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা তালিবানে আফগানিস্তানত ইখনৰ পিছত সিখন প্ৰদেশ প্ৰায় বাধাহীনভাৱে দখল কৰি আহিছে। আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে তালিবানে কাবুল দখল কৰাৰ পিছতে দেশৰ পৰা পলাই গৈছিল। বাধাহীনভাৱে ক্ষমতাৰ স্থানান্তৰ হৈছিল। তালিবানে কাবুল দখল কৰাৰ লগে লগে দেশৰ পৰা পলায়ন কৰিবলৈ কাবুল মুখী হৈছিল লাখ লাখ আফগানী জনতা। আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন, ভাৰতকে ধৰি বহুতো দেশে নিজৰ নাগৰিক আৰু দূতাবাসৰ কৰ্মচাৰীৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। তালিবানে তেতিয়া জনাইছিল যে উদ্ধাৰ অভিযান ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে চূড়ান্ত সময়সীমা নিৰ্ধাৰণ কৰি দিছিল তালিবানে। সেই সময়সীমা আজি শেষ হৈছে আৰু সেয়েহে আজি আমেৰিকা যুক্তৰাষ্ট্ৰই সম্পূৰ্ণৰূপে নিজৰ সেনা প্ৰত্যাহাৰ কৰি মুকলি কৰি দিলে আফগানিস্তানৰ মাটি। মেজৰ জেনেৰেল খ্ৰীচ দুনাহুৱে আফগানিস্তানৰ মাটিৰ পৰা বিমানত উঠাৰ লগে লগেই অন্ত পৰিল ২০০১ চনৰ ৭ অক্টোবৰত আৰম্ভ হোৱা আমেৰিকাৰ তালিবান বিৰোধী অভিযান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.