জনসংখ্যা বাঢ়িছে মুছলমানৰ

Share This Article

শেহতীয়াকৈ ব্ৰিটেইনত কৰা এক লোকপিয়ল অনুসৰি এই তথ্য পোহৰলৈ আহিছে যে এদিন বিশ্ব শাসন কৰা খ্ৰীষ্টান দেশ তথা ইংলেণ্ডত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা । আশ্চৰ্যজনক ভাৱে হ্ৰাস পাইছে খ্ৰীষ্টান ধৰ্মালম্বীৰ সংখ্যা। মাত্ৰ ব্ৰিটেইনতেই নহয় ক্ৰমান্বয়ে বিশ্বত দ্ৰুত গতিত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা। ব্ৰিটেইনত মুছলমানৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আন কিছু জনসংখ্যাও অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে যিয়ে কোনো ধৰ্মৰ পৰিচয় দিয়া নাই ।উল্লেখ্য যে বৰ্তমান সময়ত ব্ৰিটেইনত ৩.৯ মিলিয়ন ইছলাম ধৰ্মালম্বীৰ লোক আছে যিয়ে দেশখনৰ জনসংখ্যাৰ ৬.৫ শতাংশ দখল কৰিছে ।তাৰ বিপৰীতে মাত্ৰ হিন্দু ১.৭ শতাংশহে আছে । ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছে এজন হিন্দু লোক যিগৰাকী ভাৰতীয় মূলৰ ঋষি সুনাক। কিন্তু আশ্চৰ্যজনকভাৱে ব্ৰিটেইনত হিন্দু লোকৰ সংখ্যা মাত্ৰ ১.৭ শতাংশ ।কিন্তু ব্ৰিটেইনত যি হাৰত মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে তালৈ চাই ব্ৰিটেইনৰ জনসাধাৰণে সন্দেহ কৰিছে যে এদিন হয়তো ব্ৰিটেইনত মুছলমান লোক প্ৰধানমন্ত্ৰী হ’ব। ব্ৰিটেইনবাসীৰ সন্দেহ এদিন হয়তো মুছলমানে দখল কৰিব ব্ৰিটেইন ।মাত্ৰ ব্ৰিটেইনেই নহয় সমগ্ৰ বিশ্বত মুছলমানৰ সংখ্যা অত্যাধিক হাৰত বৃদ্ধি পোৱাৰ তথ্যই এনে কিছু প্ৰশ্ন উত্থাপন কৰিছে ।উল্লেখ্য যে বিশ্বৰ আটাইতকৈ বেছি মুছলমান জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া । য’ত ৮৭.২০% লোক মুছলমান । সমান্তৰালকৈ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তানত মুছলমানৰ সংখ্যা ৯৬.৫০% , বাংলাদেশত ৯০.৪০% আৰু ভাৰতত মুছলমানৰ জনসংখ্যা ১৪.২০% ভাৰততো ক্ৰমান্বয়ে বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা । ইছলাম ভাৰতৰ দ্বিতীয় বৃহত্তম ধৰ্ম। ২০১১ চনৰ লোক পিয়ল অনুসৰি ভাৰতত ১৪.৩০% লোক মুছলমান সম্প্ৰদায়ৰ। উল্লেখ্য যে ১৯৬১ চনৰ লোক পিয়ল অনুসৰি ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। ১৯৬১ চনত ৩২.৫% বৃদ্ধি হৈছিল মুছলমানৰ জনসংখ্যা৷ ১৯৭১ চনত ৩০.৯% , ১৯৮১ চনত ৩০.৮%, ১৯৯১ চনত ৩২.৯% , ২০২১ চনত ২৯.৫% হোৱাৰ বিপৰীতে ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত মুছলমানৰ বৃদ্ধি হয় ২৪.৬% ।এই তথ্য অনুসৰি ভাৰততো যে ক্ৰমান্বৱে মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে সেই কথা নুই কৰিব নোৱাৰি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.