আফগানিস্তানৰ হেৰাট চহৰৰ চাৰিআলিত চাৰিটা মৃতদেহ ওলোমাই ৰাখিছে তালিবানেঃ কিন্তু কিয়?

Share This Article

পশ্চিম আফগানিস্তানৰ হেৰাট চহৰৰ পৰা অহা খবৰ অনুসৰি চাৰিজন লোকৰ মৃতদেহ পৃথক পৃথক চাৰিআলিত ওলোমাই থৈছে তালিবানে। বিবিচিৰ পাৰ্চী সেৱাৰ এক প্ৰতিবেদন অনুসৰি তালিবানে অপহৰণৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোক কেইজনক প্ৰথমে গুলি কৰা হৈছিল আৰু তাৰ পিছত শনিবাৰে চহৰৰ পৃথক পৃথক চাৰিআলিত ওলমাই দিয়া হৈছিল। অৱশ্যে তালিবান বিষয়াসকলে এতিয়ালৈকে ঘটনাটোৰ বিষয়ে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমক অৱগত কৰা নাই। তালিবানী শাসনৰ অধীনত মৃত্যু পৰ্যন্ত শাস্তিৰ ধাৰণাটো সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে। তালিবান নেতা মোল্লা নুৰুদ্দিন তুৰাবীয়ে চলিত সপ্তাহত কৈছিল যে তালিবানৰ শাসনত ৰাজহুৱাভাৱে শাস্তি দিয়া হব। উদাহৰণস্বৰূপে মৃত্যু পৰ্যন্ত শাস্তি আৰু শৰীৰৰ অংশ কাটি পেলোৱা ইত্যাদি। শৰীৰৰ অংগ কাটি পেলোৱা আদি শাস্তিৰ ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কয় যে আমেৰিকাই তালিবানৰ এই সিদ্ধান্তৰ তীব্ৰ গৰিহণা দিছে। যোৱা দুটা দশক ধৰি আফগানিস্তানত মৃত্যু পৰ্যন্ত শাস্তি ৰাজহুৱাভাৱে চলি থকা নাছিল। যদিও ইয়াক আফগান আইনত প্ৰদান কৰা হৈছিল আৰু কিছুমান ক্ষেত্ৰত এই পদ্ধতি কাৰ্যকৰী কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.