আফগানিস্তানৰ নাগৰিকে কেৱল ই – ভিছাৰেহে ভাৰতত প্ৰৱেশ কৰিব পাৰিব

Share This Article

আফগানিস্তান নাগৰিকে কেৱল ই- ভিছাৰেহে এতিয়াৰ পৰা ভাৰত ভ্ৰমণ কৰিব পাৰিব ৷ ইয়াৰ পূৰ্বে আফগান নাগৰিকৰ বাবে প্ৰৱৰ্তন কৰা সকলো ভিছা বাতিল কৰা হৈছে ৷

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সকলো আফগান নাগৰিকে কেৱল ই- ভিছাৰেহে ভাৰতত প্ৰৱেশ কৰিব পাৰিব ৷ পূৰ্বে প্ৰদান কৰা ফিজিকেল ভিছা সমূহ বাতিল কৰা হৈছে ৷আফগানিস্তানৰ সুৰক্ষাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷

আনহাতে , যিসকলে শেহতীয়া পৰিস্থিতিৰ বাবে নিজৰ পাছপ’ৰ্ট হেৰুৱাইছে তেওলোকে নতুন পাছপ’ৰ্ট লাভ কৰাৰ পাছতহে ই- ভিছাৰ বাবে আবেদন কৰিব পাৰিব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.