কোন প্ৰাক্তন মন্ত্ৰীয়ে পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি আছে ?

Share This Article

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল- জাজিৰাই টুইটাৰযোগে ৰাজহুৱা কৰা কেইখনমান বিশেষ ফটোত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী তথা চৈয়দ আহমেদ শ্বাহ সাদাতে জাৰ্মানীত পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি থকাৰ দৃশ্য দেখা গৈছে ৷

সাদাতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কমিউনিকেচন আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙত দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বিগত দুটা দশক ধৰি সাদাতে কমিউনিকেচনৰ ক্ষেত্ৰখনত চৌদি আৰৱ সহ ১৩খন দেশৰ ২০টাতকৈও অধিক কোম্পানীৰ সৈতে কাম কৰি আহিছে।

সাদাতে ২০০৫ চনৰ পৰা ২০১৩ চনলৈ আফগানিস্তানৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কাৰিকৰী উপদেষ্টা হিচাপে কাম কৰিছিল। তেওঁ ২০১৬ চনৰ পৰা ২০১৭ চনলৈকে লণ্ডনত আৰিয়ানা টেলিকমৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সাদাতে ২০১৮ চনত আশ্ৰাফ ঘানিৰ মন্ত্ৰীসভাত যোগদান কৰিছিল। কিন্তু ঘানিৰ সৈতে হোৱা মতভেদৰ ফলস্বৰূপে ২০২০ চনত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল সাদাত। পৰৱৰ্তী সময়ত তেওঁ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আফগানিস্তান ত্যাগ কৰি গুচি গৈছিল সুদূৰ জাৰ্মানীলৈ। সাদাত বৰ্তমান লিপজিগৰ বাসিন্দা।

সামাজিক মাধ্যমত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাদাতে চাইকেলেৰে পিজ্জা ডেলিভাৰী দি থকাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ লগে লগে স্কাই নিউজে সাদাতৰ সৈতে যোগাযোগ কৰি ভাইৰেল হোৱা ফটো কেইখন সাদাতৰেই হয় বুলি নিশ্চিত কৰিছে। স্কাই নিউজে পৰিৱেশৰ কৰা বাতৰি মতে সাঁচতীয়া ধন শেষ হোৱাৰ পিছত সাদাতে জাৰ্মান কোম্পানী লিভাৰাণ্ডোৰ বাবে পেছাদাৰী খাদ্য বিতৰক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল।  তেওঁ স্কাই নিউজক লগতে কয় যে তেওঁৰ কাহিনীয়ে এছিয়া আৰু আৰৱৰ উচ্চ পদস্থ লোকসকলৰ জীৱন যাপনৰ পদ্ধতি সলনি কৰিবলৈ অনুঘটক হিচাপে কাম কৰিব।

এসময়ত নিৰাপত্তাৰক্ষীৰে আৱৰি থকা সাদাতে এতিয়া চাইকেলেৰে পিজ্জা বিতৰণ কৰে। এয়াই সময়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.