আফগান নাগৰিকক বিমান বন্দৰলৈ যোৱাত বাধা কিয় ?

Share This Article

তালিবানে ইতিমধ্যে আফগান নাগৰিকক আফগানিস্তানৰ পৰা বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷  আফগান তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মোজাহিদে এই ঘোষণা কৰি কয় যে কাবুল বিমানবন্দৰত সৃষ্টি হোৱা অভাবনীয় ভিৰ কমাবলৈ আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আফগান নাগৰিকক কাবুল বিমানবন্দৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।কিন্তু বিদেশী নাগৰিকক দেশ এৰাৰ ক্ষেত্ৰত এই পৰ্যন্ত বাধা প্ৰদান কৰা নাই তালিবানে।

তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰাই সমগ্ৰ দেশবাসী  শংকিত হৈ পৰিছে। পূৰ্বৰ তালিবানৰ শাসনৰ ভয়াবহতাৰ কথা সুঁৱৰি শংকাত দিন কটাইছে আফগানবাসীয়ে।

১৯৯৬ৰ পৰা ২০০১ চনলৈ তালিবানে আফগানিস্তানত শাসন কৰাৰ সময়ত নাগৰিকসকলৰ স্বাধীনতা খৰ্ব কৰি দিছিল তালিবানে। তালিবানৰ শ্বৰিয়তী আইনৰ নিয়মে সাধাৰণ জনতাৰ লগতে  মহিলাসকলক আটাইতকৈ বেছিকৈ জীয়াতু ভোগাইছিল ।  নিজৰ জীৱন পুনৰ অন্ধকাৰময় হৈ পৰাৰ ভয়ত দেশ এৰি পলাবলৈ কাবুল বিমানবন্দৰ ভিৰ কৰিছে লাখ লাখ আফগান নাগৰিকে। ইতিমধ্যে    এই ভিৰত বহু নাগৰিকৰ মৃত্যু হোৱাও পৰিলক্ষিত হৈছে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.