মৃতদেহকো ধৰ্ষণ কৰে তালিবানে  : কাবুলৰ পৰা পলায়ন কৰা মহিলা আৰক্ষীৰ দাবী

Share This Article

তালিবান ৰাজত্বত আটাইতকৈ বেছি শংকিত হৈ পৰিছে মহিলাসকল ৷ আফগানিস্তানৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো লৈ প্ৰতিদিনে প্ৰকাশিত হৈছে নতুন নতুন বাতৰি ৷ শেহতীয়াকৈ দেশখনৰ পৰা পলায়ন কৰা এগৰাকী মহিলা আৰক্ষীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপণ কৰিছে তালিবানৰ বিৰুদ্ধে ৷ কাবুলৰ পৰা আহি দিল্লীত উপস্থিত হোৱা মুছকান নামৰ মহিলা আৰক্ষী  বিষয়াগৰাকীয়ে নিজৰ ভয়ানক অভিজ্ঞতা বৰ্ণনা কৰি কয়-‘প্ৰতিখন ঘৰৰ পৰা তালিবানে এগৰাকী মহিলাক তুলি লৈ যায় ৷ মহিলাক ধৰ্ষণ কৰি তেওলোকে হত্যা কৰে ৷আনকি বহু মৃতদেহকো ধৰ্ষণ কৰি উল্লাস প্ৰকাশ কৰে ৷পৰিয়ালৰ মহিলাই যদি উপাৰ্জন কৰে , তেনেহ’লে ধাৰাবাহিক ভাবুকিৰ সন্মুখীন হয় ৷ ভাবুকিৰ পাছতো যদি মহিলাক ঘৰৰ বাহিৰত দেখা যা্য , তেনেহ’লে তেওলোকক নৃশংসভৱে হত্যা কৰা হয় ৷’

তালিবানে এগৰাকী মধ্যবয়সী মহিলাক হত্যা কৰাৰ এটা ভিডিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.