মহিলা হোৱাৰ বাবেই কাম এৰিবলৈ বাধ্য কৰোৱা হ’ল এগৰাকী সাংবাদিকক

Share This Article

তালিবান অধিকৃত আফগানিস্তান এতিয়া অশান্ত। অবৈধ সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক পণবন্দী কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তালিবান। কিন্তু নিৰ্দয় তালিবানৰ অধীনত কেনে আছে আফগানী জনতা? শোষণ-নিষ্পেষণে জুৰুলা কৰা আফগানী মহিলাৰ খবৰ ৰাখিব কোনে? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুৰুষ-মহিলাৰ সম অধিকাৰৰ জয়গান গাই তালিবানে ইতিমধ্যেই কৰ্তন কৰিছে আফগানী মহিলাৰ সকলো অধিকাৰ। কৰ্মস্থলী এৰিবলৈ বাধ্য কৰোৱা হৈছে শ-শ আফগান মহিলাক।
আফগানিস্তানৰ RTA Pashto নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত মহিলা সাংবাদিক শৱনম দাৱৰাণে বহিৰাগত সংবাদ মাধ্যমৰ আগত তালিবান অধিকৃত আফগানিস্তানৰ পৰিস্থিতি আৰু মহিলাৰ অৱস্থা সম্পৰ্কে মন্তব্য আগবঢ়োৱাৰ পিছতে এতিয়া তোলপাৰ লাগিছে সমগ্ৰ বিশ্ব। আফগানিস্তানৰ নিউজ এংকৰ গৰাকীয়ে তালিবান ক্ষমতা দখল কৰাৰ এদিন পিছতে কৰ্মক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰিছে। তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত চৰকাৰী মিডিয়া প্লেটফৰ্মত থকা মহিলা সাংবাদিকসকলক কামলৈ নাহিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
ইণ্ডিয়া টুডে টিভিৰ প্ৰীতি চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত RTA Pashtoৰ শৱনম দাৱাৰণে বৰ্ণনা কৰিছে তালিবান অধিকৃত আফগানিস্তানৰ মহিলাৰ জীৱনৰ কৰুণ গাঁথা। শৱনমৰ বিস্ফোৰক অভিযোগে খলকনি তুলিছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত।

ইণ্ডিয়া টুডে টিভিৰ প্ৰীতি চৌধুৰীৰ প্ৰশ্ন আৰু আফগানিস্তানৰ মহিলা সাংবাদিক শৱনম দাৱৰানৰ উত্তৰ –

প্ৰশ্নঃ তালিবানে কৈছে যে মহিলাসকলে সকলো অধিকাৰ ভোগ কৰিব পাৰিব। গতিকে আপোনাৰ সৈতে কি ঘটিছিল আমাক কওঁক!
উত্তৰঃ মই চৰকাৰী সংবাদ সংস্থা RTA Pashtoত কাম কৰো। তালিবানে কাবুল দখল কৰাৰ পিছত মই পিছদিনা ৰাতিপুৱা মোৰ কাৰ্যালয়লৈ গৈছিলো কিন্তু আচৰিতধৰণে সেইদিনাৰ পৰা মোক কামলৈ নাহিবলৈ কোৱা হৈছিল। যেতিয়া মই সুধিছিলো কাৰণটো কি তেতিয়া তেওঁলোকে কৈছিল যে নিয়মবোৰ এতিয়া সলনি হৈছে সেয়েহে মহিলাসকলক আৰু RTAত কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাই। পূৰ্বে তালিবানে মহিলাসকলক পঢ়িবলৈ আৰু কামলৈ যাবলৈ অনুমতি দিয়া হ’ব বুলি ঘোষণা কৰোতে মই উত্ৰাৱল হৈ পৰিছিলো। কিন্তু তাৰ পিছত মই মোৰ অফিচতহে প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিছিলো য’ত মোক কোৱা হৈছিল যে মহিলাসকলক আৰু কাম কৰিবলৈ অনুমতি দিয়া নহ’ব। মই তেওঁলোকক মোৰ পৰিচয় পত্ৰ দেখুৱাইছিলো কিন্তু তথাপিও তেওঁলোকে মোক ঘৰলৈ যাবলৈ কৈছিল।

প্ৰশ্নঃ তেওঁলোকে TOLOnewsৰ দৰে আন চেনেলৰ মহিলা এংকৰসকলক একে ধৰণৰ নিৰ্দেশ দিছে নেকি?
উত্তৰঃ নাই, তেওঁলোকে কেৱল চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত মহিলা কৰ্মীসকললৈহে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। যিহেতু TOLOnews এটা ব্যক্তিগত চেনেল সেয়েহে তেওঁলোকৰ মহিলা কৰ্মীসকলৰ বাবে এই নিৰ্দেশ জাৰী কৰা হোৱা নাই।

প্ৰশ্নঃ এগৰাকী মহিলা হোৱাৰ বাবে আপুনি কোনো নিৰ্দিষ্ট ভাবুকি পাইছে নেকি?

উত্তৰঃ তালিবানে মোক কৈছিল যে আপুনি এগৰাকী মহিলা গতিকে এতিয়া ঘৰলৈ যাওক। মোৰ পুৰুষ সহকৰ্মী সকলক কামলৈ যাবলৈ অনুমতি দিয়া হৈছিল, কিন্তু মই নাছিলো। তেওঁলোকে স্পষ্টকৈ কৈছিল যে মহিলাসকলক আৰু RTAত কাম কৰিবলৈ অনুমতি দিয়া নহ’ব।

প্ৰশ্নঃ এবাৰ তালিবানৰ এগৰাকী মুখপাত্ৰক এগৰাকী মহিলা সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ দৃশ্য ভাইৰেল হৈছিল। বিশ্বৰ সচেতন জনতা আনন্দিত হৈছিল। কিন্তু আপোনাৰ কাহিনীটো শুনাৰ পিছত এতিয়া অনুভৱ হৈছে যে সেয়া কেৱল মাত্ৰ এখন মুখ ঢকা মুখা আছিল।

উত্তৰঃ হয় সেয়া আছিল TOLOnews আৰু সাক্ষাৎকাৰটো মোৰ এজনী বান্ধৱীয়ে লৈছিল। যদি তালিবান পুনৰ ক্ষমতালৈ আহে তেন্তে মহিলাসকলৰ কি অৱস্থা হ’ব পাৰে সেই বিষয়ে আগৰে পৰা আমাৰ সকলোৰে এটা সম্যক ধাৰণা ধাৰণা আছিল। কিন্তু সেই সাক্ষাৎকাৰটোৰ পিছত আমি ভাবিছিলো যে বস্তুবোৰ বেলেগ হ’ব পাৰে। অৱশ্যে তালিবানে চৰকাৰী সংবাদ মাধ্যমৰ সৈতে যি কৰি আছে সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

প্ৰশ্নঃ যেতিয়া আপুনি আন মহিলা সাংবাদিকৰ সৈতে কথা পাতে আপুনি কি আলোচনা কৰে? আপোনাৰ দৰে কৰ্মৰত মহিলাৰ বাবে ভৱিষ্যতৰ গতিপথত কি আছে বুলি আপুনি ভাবে?
উত্তৰঃ এতিয়া মই একো বুজিব পৰা নাই। ভৱিষ্যতে কি হ’ব মোৰ কোনো ধাৰণা নাই।

 

প্ৰশ্নঃ আপুনি আফগানিস্তানৰ পৰা এৰি আহিব বিচাৰে নেকি?
উত্তৰঃ মই ইয়াত আৰু কাম কৰিব নোৱাৰো। এই মুহূৰ্তত আফগানিস্তানত বাস কৰাটো কঠিন। যদি মই কোনো সহায় পাওঁ তেন্তে মই গুচি যাম।

প্ৰশ্নঃ আপুনি আপোনাৰ পৰিয়ালৰ বিষয়ে ভাবি ভয় খায় নেকি?
উত্তৰঃ হয় মই মোৰ জীৱনতকৈ বেছি তেওঁলোকৰ বাবে ভয় কৰো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.