আফগান তৰুণীক সজাইছে যৌনদাসী  : পূৰ্বৰ ন্যায়াধীশৰ মুখত তালিবানৰ নৃশংসতাৰ কাহিনী

Share This Article

তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷

দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক খাদ্য ৰান্ধিবলৈ নিৰ্দেশ দিয়ে ৷  খাদ্য খাবলৈ বেয়া পালে মহিলাসকলক জীৱন্তে জ্বলাই দিয়ে ৷ উত্তৰ আফগানিস্তানত এনে ঘটনা সংঘটিত হৈছে ৷’

নাজলা আয়ুবি আফগানিস্তানৰনাৰী অধিকাৰ আন্দোলনৰ সৈতে জড়িত আছিল ৷ যাৰ বাবে তেও বহুবাৰ তালিবানৰ ভাবুকিৰো সন্মুখীন হৈছিল ৷ সম্প্ৰতি আমেৰিকাত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে কয়-‘বিগত কিছুদিন ধৰি আফগানিস্তানৰ প্ৰচুৰ মানুহৰ লগত কথা পাতিছো ৷যি শুনিছো , সেয়া কল্পনাৰো অতীত ৷ জোৰ কৰি সৰু সৰু ছোৱালীক তালিবানলৈ বিয়া দিবলৈ বাধ্য কৰোৱা হৈছে ৷আফগান তৰুণীসকলক যৌনদাসী কৰি আন দেশলৈ বিগত কেবা সপ্তাহ ধৰি আন দেশলৈ প্ৰেৰণ কৰি থকা হৈছে ৷’

তালিবানে যদিও মহিলাসকলক কিছু স্বাধীনতা দিয়াৰ কথা ঘোষণা কৰিছে , বাস্তৱত কিন্তু তাৰ ওলোটা প্ৰতিচ্ছৱিহে দেখা গৈছে ৷ আনকি ৰেডিও টেলিভিছন আফগানিস্তানৰ কাৰ্যালয়ত প্ৰৱেশ কৰি সঞ্চালক শ্বনম খানক ভাবুকি পৰ্যন্ত দিয়া হৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.