আফগানিস্তানত গৃহযুদ্ধৰ উকমুকনি : তালিবানৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কাৰ ?

Share This Article

আফগানিস্তানত পুণৰ গৃহযুদ্ধৰ উকমুকনি আৰম্ভ হৈছে ৷ তালিবানে ক্ষমতা দখল কৰাৰ চাৰিদিনৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ধৰিছে বহু লোক ৷ পূৰ্বৰে পৰা তালিবানৰ বিৰুদ্ধে যুঁজ দি অহা আহমদ শ্বাহ মাছুদৰ পুত্ৰ আহমদ মাছুদে তালিবানৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে ৷তেও তালিবানৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বৰ আন দেশৰ পৰাও সহায় বিচাৰিছে ৷আহমদ মাছুদে কয় –‘মুজাহিদীন যুঁজাৰুসকল আকৌ এবাৰ তালিবানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৷আমাৰ ওচৰত বৃহৎ পৰিমানৰ গুলী- বাৰুদ জমা আছে ৷’আই এন আৰ এফৰ নেতা আহমদ মাছুদে নিজৰ পিতৃৰ অনুকৰণেৰে তালিবানৰ বিৰুদ্ধে যুঁজি যাব বুলি ঘোষণা কৰিছে ৷ সেনাৰ বহু জোৱানো আহমদ মাছুদৰ লগত আছে বুলি তেও দাবী কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.