সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তান : তালিবানৰ পতাকা লৈ ‘প্ৰকৃত’ স্বাধীনতা ঘোষণা , দেশৰ পতাকা লৈ পৃথক সমদল

গুলীচালনাত বহু লোকৰ মৃত্যু

স্বাধীনতা দিৱস আছিল , কিন্তু স্বাধীনতা নাছিল ৷ এই ঘোষণা তালিবানৰ ৷ ক্ষমতা দখলৰ চাৰিদিনৰ পাছত স্বাধীনতা দিৱস পালন কৰি তালিবানে ক’লে-‘আমেৰিকাকক ঘৰৰ মাটিৰ পৰা ওভতাই পঠিয়াই আজি দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ৷’ অৱশ্যে , তালিবানৰ এই বাখ্যাৰ প্ৰতিবাদ জনাইছে একাংশ আফগান নাগৰিকে ৷ দেশৰ পতাকা লৈ জালালাবাদত উলিওৱা সমদলত যোগ দিছে শ শ মানুহে ৷

১৯ আগষ্ট ৷ এই দিনটোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল আফগানিস্তান ৷ ১৯১৯ চনত মধ্য এছিয়াৰ দেশখনত এই দিনটোতে ব্ৰিটিছ শাসনৰ সমাপ্তিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল ৷ বৃহস্পতিবাবে আফগানিস্তানৰ পতাকা এৰি তালিবানে নিজৰ পতাকা লৈ উদ্‌যাপন কৰে স্বাধীনতা দিৱস ৷ কাবুলত স্বাধীনতা দিৱস উদ্‌যাপন কৰি এটা বিবৃতিও প্ৰকাশ কৰে ৷ বিবৃতিটোত কোৱা হয়-‘আজি আমি ব্ৰিটিছৰ পৰা স্বাধীনতা লাভৰ বাৰ্ষিকী উদযাপন কৰিছো ৷ একেসময়তে বিশ্বৰ উন্নাসিকতম শক্তি আমেৰিকাক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ ঘটনাটোও উদযাপন কৰিছো ৷’

- Donation -

তালিবানৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰতিবাদত ৰাজপথত নামি পৰিল একাংশ আফগান নাগৰিক ৷আফগানিস্তানৰ জাতীয় পতাকা লৈ তালিবানী শাসনৰ পৰা মুক্তি বিচাৰি মিছিল উলিয়ালে একাংশ নাগৰিকে ৷এনে মিছিল দেখা গ’ল দেশখনৰ জালালাবাদত ৷

কুনাৰ প্ৰদেশত এনেদৰে দেশৰ পতাকা লৈ উলিওৱা সমদলত বহু লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

 

Leave A Reply

Your email address will not be published.