হাতত বন্দুক তুলি লোৱা কোন মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ?

Share This Article

তালিবানৰ আগ্ৰাসনত যিসময়ত এজনৰ পাছত আনজন নেতাই দেশ এৰি পলাইছিল ,সেই সময়ত হাতত বন্দুক তুলি লৈছিল এগৰাকী মহিলা গভৰ্ণৰে ৷আফগানিস্তানৰ সেই মহিলা গভৰ্ণৰ ছালিমা মাজাৰি এতিয়া তালিবানৰ হাতত বন্দী ৷

আশ্ৰফ ঘানি চৰকাৰৰ আমোলত যি তিনিগৰাকী মহিলা গভৰ্ণৰে কাৰ্যনিৰ্বাহ কৰিছিল , তাৰ ভিতৰত অন্যতম আছিল ছালিমা মাজাৰি ৷ তালিবানে বিনা বাধাই ইখনৰ পাছত সিখন প্ৰদেশ দখল কৰিলেও ছালিমাই তেওৰ বলখ প্ৰদেশ সহজতে এৰি নিদিলে ৷ নিজে হাতত বন্দুক লৈ গঢ়ি তুলিলে প্ৰবল প্ৰতিৰোধ ৷

দুয়োপক্ষৰ মাজত তুমুল সংঘৰ্ষ হ’ল ৷ কিন্তু শেষ ৰক্ষা কৰিব নোৱাৰিলে ছালিমাই ৷ অৱশেষত বলখ প্ৰদেশৰ পতন ঘটিল ৷ ছালিমাৰ নিজৰ কিন্ট জিলাও দখল কৰিলে তালিবানে ৷আফগানিস্তানৰ ভিতৰত কিন্ট জিলাই আছিল একমাত্ৰ অঞ্চল য’ত কোনো জংগী বাহিনীয়ে কেতিয়াও দখল সাব্যস্ত কৰিব পৰা নাছিল ৷

জংগী তালিবান এতিয়া আফগানিস্তানৰ শাসনত৷ ছালিমা মাজাৰিও বন্দী তালিবানৰ হাতত ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.