ভয়ংকৰ সংকটত পাকিস্তান !

Share This Article

ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান বৰ্তমান জুৰুলা হৈছে ভয়ংকৰ আৰ্থিক সংকটত।পাকিস্তানৰ অৱস্থা বৰ্তমান ইমানেই ভয়াবহ যে ৰাষ্ট্ৰখনে ইয়াৰ কূটনৈতিক সম্পত্তি বিক্ৰীৰ সিন্ধান্ত লৈছে।পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক উফৰাই শাসনত বহিছিল শ্বাহবাজ শ্বৰীফ।শ্বাহবাজ শ্বৰীফে দেশখনৰ আৰ্থিক সংকট মোকাবিলা কৰিবলৈ আমেৰিকাৰ ৱাশ্বিংটনস্থিত আৰ ষ্ট্ৰীটত পাক দূতাবাসটো বিক্ৰী কৰাৰ সিন্ধান্ত লৈছে।ইতিমধ্যে দূতাবাসৰ কৰ্মচাৰীক আন স্থানলৈ স্থানান্তৰিত কৰা হৈছে । দূতাবাসটো ৭ নিযুত মাৰ্কিন ডলাৰত বিক্ৰীৰ সিন্ধান্ত লৈছে চৰকাৰে ।দূতাবাসৰ ব্যয় বহন কৰাটোও পাক চৰকাৰৰ বাবে এক ভয়ংকৰ সমস্যা হৈ পৰিছে।দূতাবাস বিক্ৰী কৰি পোৱা ধনেৰে দূতাবাস চলোৱাৰ ওপৰিও দেশৰ দৈনন্দিন চৰকাৰী খৰছৰো জোৰা মৰাৰ সিন্ধান্ত লৈছে পাক চৰকাৰে।উল্লেখ্য যে সন্ত্ৰাসবাদৰ নামত বছৰি বৃহৎ অংকৰ ধন বিনিয়োগ কৰা ৰাষ্ট্ৰখনে দেশখনৰ প্ৰকৃত উন্নয়নত ব্যয় নকৰাৰ ফল ভুগিছে ৰাষ্ট্ৰখনে।ভাৰতৰ সৈতে মোকাবিলা কৰিবলৈ দেশখনে সামৰিক বাহিনী শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে৷সন্ত্ৰাসবাদী পোহপাল দিয়াত দেশখনে বিনিয়োগ কৰে অধিক ধন।দেশখনে লাভ কৰা আৰ্থিক সাহাৰ্য ব্যয় কৰে সন্ত্ৰাসবাদী আৰু সামৰিক বাহিনী শক্তিশালী কৰাৰ নামত।অৱশ্যে প্ৰায় এটা দশক পূৰ্বেও পাকিস্তানে আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ ছৌডিআৰব আৰু ইউৰোপৰ দূতাবাস বিক্ৰী কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.