তালিবানৰ শাসনত অকলে ঘৰৰ পৰা ওলাব পাৰিবনে মহিলাসকল ?

Share This Article

আফাগানিস্তানত কেনেকুৱা হ’ব তালিবানৰ শাসন ? তালিবানৰ শাসনত কেনেকৈ থাকিব লাগিব অফগান মহিলাসকল ? অকলে ঘৰৰ বাহিৰলৈ ওলাব পাৰিবনে আফগানিস্তানৰ মহিলাই ?কি কি কাম কৰিব পাৰিব অথবা কি কি চাকৰি কৰিব পাৰিব তালিবান শাসনাধীন আফগানিস্তানৰ মহিলাই ? সেই  প্ৰশ্নৰ  সবিশেষ উত্তৰ প্ৰদান কৰিছে এতিয়া তালিবানে৷

আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ সুহেইল চাহিনে ঘোষনা কৰিছে  তালিবানী শাসনৰ শাসন পদ্ধতি ৷ তালিবানে ঘোষনা কৰিছে- আফগানিস্তানৰ মহিলাই স্বাধীনভাবে জীয়াই থাকিব পাৰিব ৷ লগতে আফগানিস্তানৰ মহিলাই শিক্ষা আৰু চাকৰিও লাভ কৰিব তালিবানৰ শাসনত৷

বিবিচিৰ প্ৰশ্ন- তালিবানৰ শাসনত আফগানৰ মহিলাই ন্যায়াধীশৰ পদবী লাভ কৰিবনে ?

তালিবানৰ উত্তৰ-তাত কোনো সন্দেহ নাই ৷ কিন্তু তেওলোকক সহায় কৰাৰ বাবে আফগানিস্তানৰ মহিলাই বিকল্প চাকৰি লাভ কৰিব ৷ মহিলা সকলে আৰু কি কি কাম কৰিব পাৰিব , সেয়া ভৱিষ্যতৰ চৰকাৰে নির্ধাৰণ কৰিব৷

বিবিচিৰ প্ৰশ্ন – জনসাধাৰণে ক’লৈ যাব আৰু কি কাম কৰিব,তাৰ সিদ্ধন্ত ল’ব নেকি চৰকাৰে?

তালিবানৰ উত্তৰ- সেয়া নিৰ্ভৰ কৰিব ভৱিষ্যতৰ চৰকাৰৰ ওপৰত৷শিক্ষানু্ষ্ঠান সমূহৰ বাবে নিদিষ্ট ইউনিফর্ম থাকিব৷ অমি শিক্ষাখণ্ডত কাম কৰিম ৷ অর্থনীতি আৰু চৰকাৰী খণ্ডত বহুত কামেই থাকিব ৷ কিন্ত মহিলাৰ ক্ষেত্ৰত আমাৰ নীতি এনেকুৱা হ’ব,যত মহিলাই শিক্ষা আৰু চাকৰিৰ বাবে পূর্ণ স্বাধীনতা লাভ কৰিব৷

বিবিচিৰ প্ৰশ্ন- নতুন চৰকাৰৰ অধীনত পূর্বৰ দৰে মহিলাই নিজৰ পিতৃ,ভাতৃ অথবা স্বামীক লগত নোলোৱাকৈ বাহিৰলৈ ওলাব পাৰিবনে?

তালিবানৰ উত্তৰ- নিশ্চিতভাবে ৷ ইছলামিক আইন অনুসৰি এগৰাকী মহিলাই সকলো কৰিব পাৰে ৷পূর্বতেও মহিলাসকলক অকলেই ৰাজপথত দেখা গৈছিল৷

বিবিচিৰ প্ৰশ্ন- পূর্বতে অকলে ঘৰৰ বাহিৰলৈ যোৱা মহিলা শাৰিৰীক শাস্তিৰ সন্মুখীন হৈছিল৷

তালিবানৰ উত্তৰ-আগতে এনে ঘটনা ঘটা নাছিল আৰু ভৱিষ্যতেও নঘটে ৷

বিবিচিৰ প্ৰশ্ন- শংকিত হৈ পৰা আফগানিস্তানৰ মহিলা আৰু যুৱতীসকলক আপোনালোকে কি ক’ব বিচাৰিব?

তালিবানৰ উত্তৰ- তেওলোক শংকিত হোৱা অনুচিত ৷ তেওলোকৰ সন্মান,সম্পত্তি আৰু শিক্ষাৰ অধিকাৰৰ সুৰক্ষাৰ বাবে আমি কাম কৰিম৷ তেওলোকে শিক্ষা আৰু কর্মৰ বাবে পূর্বতকৈ অধিক সুবিধা লাভ কৰিব৷

বিবিচিৰ প্ৰশ্ন-আমি একাংশ তালিবানী কেদাৰৰ লগত কথা পাতিছিলো ৷ তেওলোকে বিশ্বাস কৰে যে ভুলৰ শাস্তি হিচাপে ফাঁচী অথবা অন্য বর্বৰ অত্যাচৰৰ এটা আইনী ব্যৱস্থা লাগে ৷আপুনি সেই কথাত বিশ্বাসী নে?

তালিবানৰ উত্তৰ-এই ইছলামিক চৰকাৰৰ কার্যকালৰ পৰাই সকলো ইছলামিক আইন,ধর্মীয় সংস্থা আৰু আদালতে সকলো সিদ্ধান্ত গ্ৰহন কৰিব ৷ তেওলোকেই সিদ্ধান্ত দিব সকলো প্ৰকাৰৰ শাস্তিৰ৷

এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.