সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ শাসনত অকলে ঘৰৰ পৰা ওলাব পাৰিবনে মহিলাসকল ?

আফাগানিস্তানত কেনেকুৱা হ’ব তালিবানৰ শাসন ? তালিবানৰ শাসনত কেনেকৈ থাকিব লাগিব অফগান মহিলাসকল ? অকলে ঘৰৰ বাহিৰলৈ ওলাব পাৰিবনে আফগানিস্তানৰ মহিলাই ?কি কি কাম কৰিব পাৰিব অথবা কি কি চাকৰি কৰিব পাৰিব তালিবান শাসনাধীন আফগানিস্তানৰ মহিলাই ? সেই  প্ৰশ্নৰ  সবিশেষ উত্তৰ প্ৰদান কৰিছে এতিয়া তালিবানে৷

আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ সুহেইল চাহিনে ঘোষনা কৰিছে  তালিবানী শাসনৰ শাসন পদ্ধতি ৷ তালিবানে ঘোষনা কৰিছে- আফগানিস্তানৰ মহিলাই স্বাধীনভাবে জীয়াই থাকিব পাৰিব ৷ লগতে আফগানিস্তানৰ মহিলাই শিক্ষা আৰু চাকৰিও লাভ কৰিব তালিবানৰ শাসনত৷

- Donation -

বিবিচিৰ প্ৰশ্ন- তালিবানৰ শাসনত আফগানৰ মহিলাই ন্যায়াধীশৰ পদবী লাভ কৰিবনে ?

তালিবানৰ উত্তৰ-তাত কোনো সন্দেহ নাই ৷ কিন্তু তেওলোকক সহায় কৰাৰ বাবে আফগানিস্তানৰ মহিলাই বিকল্প চাকৰি লাভ কৰিব ৷ মহিলা সকলে আৰু কি কি কাম কৰিব পাৰিব , সেয়া ভৱিষ্যতৰ চৰকাৰে নির্ধাৰণ কৰিব৷

বিবিচিৰ প্ৰশ্ন – জনসাধাৰণে ক’লৈ যাব আৰু কি কাম কৰিব,তাৰ সিদ্ধন্ত ল’ব নেকি চৰকাৰে?

তালিবানৰ উত্তৰ- সেয়া নিৰ্ভৰ কৰিব ভৱিষ্যতৰ চৰকাৰৰ ওপৰত৷শিক্ষানু্ষ্ঠান সমূহৰ বাবে নিদিষ্ট ইউনিফর্ম থাকিব৷ অমি শিক্ষাখণ্ডত কাম কৰিম ৷ অর্থনীতি আৰু চৰকাৰী খণ্ডত বহুত কামেই থাকিব ৷ কিন্ত মহিলাৰ ক্ষেত্ৰত আমাৰ নীতি এনেকুৱা হ’ব,যত মহিলাই শিক্ষা আৰু চাকৰিৰ বাবে পূর্ণ স্বাধীনতা লাভ কৰিব৷

বিবিচিৰ প্ৰশ্ন- নতুন চৰকাৰৰ অধীনত পূর্বৰ দৰে মহিলাই নিজৰ পিতৃ,ভাতৃ অথবা স্বামীক লগত নোলোৱাকৈ বাহিৰলৈ ওলাব পাৰিবনে?

তালিবানৰ উত্তৰ- নিশ্চিতভাবে ৷ ইছলামিক আইন অনুসৰি এগৰাকী মহিলাই সকলো কৰিব পাৰে ৷পূর্বতেও মহিলাসকলক অকলেই ৰাজপথত দেখা গৈছিল৷

বিবিচিৰ প্ৰশ্ন- পূর্বতে অকলে ঘৰৰ বাহিৰলৈ যোৱা মহিলা শাৰিৰীক শাস্তিৰ সন্মুখীন হৈছিল৷

তালিবানৰ উত্তৰ-আগতে এনে ঘটনা ঘটা নাছিল আৰু ভৱিষ্যতেও নঘটে ৷

বিবিচিৰ প্ৰশ্ন- শংকিত হৈ পৰা আফগানিস্তানৰ মহিলা আৰু যুৱতীসকলক আপোনালোকে কি ক’ব বিচাৰিব?

তালিবানৰ উত্তৰ- তেওলোক শংকিত হোৱা অনুচিত ৷ তেওলোকৰ সন্মান,সম্পত্তি আৰু শিক্ষাৰ অধিকাৰৰ সুৰক্ষাৰ বাবে আমি কাম কৰিম৷ তেওলোকে শিক্ষা আৰু কর্মৰ বাবে পূর্বতকৈ অধিক সুবিধা লাভ কৰিব৷

বিবিচিৰ প্ৰশ্ন-আমি একাংশ তালিবানী কেদাৰৰ লগত কথা পাতিছিলো ৷ তেওলোকে বিশ্বাস কৰে যে ভুলৰ শাস্তি হিচাপে ফাঁচী অথবা অন্য বর্বৰ অত্যাচৰৰ এটা আইনী ব্যৱস্থা লাগে ৷আপুনি সেই কথাত বিশ্বাসী নে?

তালিবানৰ উত্তৰ-এই ইছলামিক চৰকাৰৰ কার্যকালৰ পৰাই সকলো ইছলামিক আইন,ধর্মীয় সংস্থা আৰু আদালতে সকলো সিদ্ধান্ত গ্ৰহন কৰিব ৷ তেওলোকেই সিদ্ধান্ত দিব সকলো প্ৰকাৰৰ শাস্তিৰ৷

এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷

Leave A Reply

Your email address will not be published.