অশান্ত আফগানিস্তান! কাবুল বিমানবন্দৰত পুনৰ মৃত্যুক সাৱটিলে ৫ জনে

Share This Article

আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৃষ্টি হৈছে অৰাজক ,উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল দখল কৰাৰ পিছতে কাবুল বিমানবন্দৰত ভিৰ কৰিছে হাজাৰ হাজাৰ আফগান নাগৰিকে। ভাইৰেল হৈ পৰা আফগানিস্তানৰ কিছু সংখ্যক ভিডিঅ’ত প্ৰাণৰ ভয়ত বহু লোকে কাবুল এৰি পলাবলৈ বলপূৰ্বকভাৱে বিমানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ দৃশ্য স্পষ্ট ৰূপত দেখা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি , বিমানত প্ৰৱেশ কৰোতে সৃষ্টি হোৱা জনসমাগমত প্ৰায় ৫ জন লোক নিহত হৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে দিয়া ভাষ্য অনুসৰি তেওঁ ৫ জন লোকৰ মৃতদেহ এখন বাহনলৈ লৈ যোৱা দেখা পাইছিল। ঘটনাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা আন এজন প্ৰত্যক্ষদৰ্শীয়ে ভুক্তভোগীসকলৰ গুলীবৰ্ষণৰ ফলত মৃত্যু হৈছিল নে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিষয়াই জনোৱা মতে বিমানবন্দৰৰ দায়িত্বত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই জনতাক ছত্ৰ ভংগ দিয়াবলৈ শূন্যলৈ গুলী চালনা কৰিছিল। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে এতিয়াও ৫ জন লোকৰ মৃত্যু সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

তালিবান যোদ্ধাসকলে কাবুলৰ উপকণ্ঠত উপস্থিত হৈ আফগান প্ৰশাসনক ৰক্তপাত পৰিহাৰ কৰাৰ স্বাৰ্থত মুক্তহস্তে ক্ষমতা হস্তান্তৰৰ দাবী জনোৱাৰ পিছতেই দেওবাৰে ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে দেশ ত্যাগ কৰিছে। ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইছে কৈছে যে পশ্চিমীয়া কূটনীতিবিদসকলক কাবুলৰ পৰা আঁতৰাই অনা হৈছে।

অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, কাটাৰ আৰু UKকে ধৰি ৬০ খনতকৈও অধিক দেশে এক যুটীয়া বিবৃতি প্ৰকাশ কৰি দাবী জনাইছে যে আফগানিস্তান এৰিব বিচৰা আফগানী আৰু আন দেশৰ নাগৰিকসকলক দেশ এৰিবলৈ অনুমতি প্ৰদান কৰিব লাগিব আৰু লগতে বিমানবন্দৰ আৰু সীমান্ত মুকলি কৰি ৰাখিব লাগিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.