১৫ বছৰৰ বাবে নিৰ্বাসন !

Share This Article

২০৩৭ চনলৈ নিষিদ্ধ হ’ল এজন গঞা !১৫ বছৰৰ বাবে নিৰ্বাসন এজন গঞাক !প্ৰতিবেশীৰ গছ কাটি নিৰ্বাসিত হ’ল এজন ব্যক্তি।সীমাক লৈ কাজিয়া অসমতেই নহয়,বৃটিছ সকলৰো হয় সীমাক লৈ সংঘাত।নিজৰ প্ৰতিবেশীৰ সীমাৰ শতিকা পুৰণি স্মৃতি বিজড়িত গছ কাটি কঠোৰ শাস্তিৰ সন্মুখীন হ’ল এজন ব্যক্তি।নৰ্থাহাম্পটনৰ এজন মেজিষ্ট্ৰেটে এক বিশেষ ৰায়দানৰ জৰিয়তে এডৰিয়ান ষ্টেয়াৰছ নামৰ ৫৯ বছৰীয়া ব্যক্তি জনক এই কঠোৰ শাস্তি প্ৰদান কৰে ।ইতিমধ্যে এই দোষতে ষ্টেয়াৰছ প্ৰায় ৬ সপ্তাহ কাৰাগাৰত আছিল ৷তদুপৰি বিলচৱৰ্থ গাঁৱত তেওঁৰ প্ৰৱেশ আগন্তুক ১৫ বছৰলৈকে নিষিদ্ধ কৰিছে ন্যায়াধীশে ।ষ্টেয়াৰছে কয় যে তেওঁৰ এনে লাগিছে যেন তেওঁ ‘অসামাজিক কাম’ কৰা নাছিল তাৰ পৰিবৰ্তে তেওঁ এগৰাকী হত্যাকাৰীহে।তেওঁ লগতে কয় তেওঁৰ বয়স বৰ্তমান ৫৯ বছৰ আৰু ৭৪ বছৰলৈকে তেওঁ তেওঁৰ গাঁৱলৈ যাব নোৱাৰিব।নৰ্থাহাম্পটনশ্বায়াৰ আৰক্ষীয়ে মানুহজনৰ বিষয়ে ২০২১ চনৰ পৰাই বিভিন্ন অভিযোগ লাভ কৰি আহিছে।ব্যক্তিজনে তেওঁৰ প্ৰতিৱেশীৰ প্ৰায় ২০ বছৰ পুৰণি জোপোহা গছ কাটিছিল।সেই গছবোৰৰ বেছিভাগেই আছিল তেওঁৰ সম্বন্ধীয়ই উপহাৰ হিচাপে দিয়া।সেয়ে এই গছবোৰৰ লগত যথেষ্ট আৱেগ জড়িত আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.