ৰঙীন কাপোৰ আৰু উন্মুক্ত মুখঃ তালিবানৰ বোৰ্খা নীতিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ আফগানী মহিলাৰ

Share This Article

তালিবানৰ বোৰ্খা আইনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আফগানী মহিলা। তালিবানে বলপূৰ্বক ভাৱে মহিলাসকলক বোৰ্খা পিন্ধাবলৈ চেষ্টা কৰা কাৰ্যৰ প্ৰতিবাদ কৰি আফগানী মহিলা সকলে কয় যে শৰীৰ ঢাকিবলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত কাপোৰেই যথেষ্ট।
উল্লেখযোগ্য যে আফগানী মহিলা সকলে পৰম্পৰাগত কাপোৰ পিন্ধি কেমেৰাৰ আগত প’জ দিয়াও দেখা গৈছে। সামাজিক মাধ্যমত পোষ্ট কৰা এই ফটোবোৰৰ লগত মহিলা সকলে তালিবানক উদ্দেশ্যি লিখিছে #DoNotTouchMyClothes অৰ্থাৎ মোৰ কাপোৰ স্পৰ্শ নকৰিব।
আফগানিস্তানৰ নতুন তালিবান চৰকাৰে ২৪ ঘণ্টা আগতে ঘোষণা কৰিছিল যে মহিলা সকলে বোৰ্খা আইন অনুসৰণ কৰাৰ পিছতহে কামত যোগদান কৰিব পাৰিব। এই পোষ্ট আৰু হেচটেগবোৰ তাৰেই প্ৰতিবাদ। আফগানী মহিলাৰ এনে অভিনৱ প্ৰতিবাদৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে।
দেওবাৰে নিশাৰ পৰা আফগানিস্তানকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ আফগান মহিলাৰ ফটো ইন্টাৰনেটত বিয়পি পৰিছে। ফটোবোৰত আফগান মহিলাসকলে গোৰোহা আবৃত কাপোৰ পিন্ধি থকা দেখা গৈছে। চোলাৰ হাতখনো ঢাকি থোৱা আছে। কাপোৰবোৰ ৰঙীন। কোনোবাই কাপোৰৰ ওপৰত এটা ৰঙীন আৱৰণ ঢিলাকৈ পিন্ধিছে। কোনোবাই এফালে পোছাকৰ ওপৰত ওলোমাই থৈছে। আফগান মহিলাসকলে তেওঁলোকৰ মুখ নঢকাকৈ পৰম্পৰাগত পোছাকত ফটো তুলিছিল। তেওঁলোকে ধূসৰ বা ক’লা বোৰ্খাৰ সলনি ৰঙীণ কাপোৰ বাছনি কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.