Investigative reporting with dedication.

ভাৰতত দিনক দিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ মূল্যই শতক অতিক্ৰম কৰিছে। কিন্তু ভাৰতত পেট্ৰ’লৰ মূল্য উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে পাকিস্তান-ভূটান-নেপাল-বাংলাদেশ-শ্ৰীলংকা কিম্বা ভেনিজুৱেলাত কেনেকৈ ইমান কম দামত পোৱা যায় পেট্ৰ’ল? জানি আচৰিত হব যে ভূটানত পেট্ৰ’লৰ মূল্য মাত্ৰ ৪৯.৫৬ টকা, পাকিস্তানত ৫১.১৪ টকা, শ্ৰীলংকাত ৬০.২৬ টকা, বাংলাদেশত ৭৬.৪১ টকা আৰু নেপালত ৬৮.৯৪ টকা। কিন্তু ভেনিজুৱেলাত পেট্ৰ’লৰ মূল্য ইয়াতকৈও কম। ভেনিজুৱেলাত ১ লিটাৰ পেট্ৰ’লৰ বৰ্তমানৰ মূল্য মাত্ৰ ১.৪৫ টকা। এতিয়া প্ৰশ্ন হয়-ভাৰততকৈ দুখীয়া দেশতো পেট্ৰ’লৰ মূল্য কম হৈ আছে কেনেকৈ? আচলতে ভাৰত চৰকাৰে পেট্ৰ’লৰ মূল্য বৃদ্ধিৰে ঘাটী বাজেট পূৰ কৰিব বিচাৰিছে। আনকি পেট্ৰ’লৰ মূল্য বৃদ্ধি কৰি ভেকচিনৰ টকা আদায় কৰি আছে বুলিও জানিব পৰা গৈছে।



