আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস: বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ লোকৰ মৃত্যু হয় আত্মহত্যাত

Share This Article

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস-
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি আত্মহত্যা কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত দুগুণ। পৃথিৱীত প্ৰতি ৪০ ছেকেণ্ডত আত্মহত্যাত একোজনকৈ লোকৰ মৃত্যু হয়। বিশ্বজুৰি আত্মহত্যাকৰাৰ প্ৰৱণতা এক মহামাৰীত পৰিণত হৈছে আৰু প্ৰতি বছৰে আত্মহত্যাৰ পৰিসংখ্যা বৃদ্ধি পায় আহিছে। চলিত বৰ্ষৰ জুন মাহত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে ৭ লাখৰো অধিক লোকে আত্মহত্যা কৰে। অৰ্থাৎ, প্ৰতি ৪০ ছেকেণ্ডত, এজন ব্যক্তিয়ে তেওঁৰ জীৱন দিয়ে। বিশ্বজুৰি আত্মহত্যাৰ ঘটনাত পুৰুষৰ সংখ্যা মহিলাৰ তূৰ্যতকৈ প্ৰায় দুগুণ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, এক লাখ আত্মহত্যাৰ ঘটনাৰ ১২.৬ শতাংশ পুৰুষ, আনহাতে মহিলাৰ সংখ্যা ৫.৪ শতাংশ। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ এক প্ৰতিবেদন অনুসৰি, দেশত ২০১৯ চনত প্ৰায় ১.৪০ লাখ আত্মহত্যাৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল, যি ২০১৮ চনৰ তুলনাত ৩.৪ শতাংশৰো অধিক। প্ৰতিদিনে, দেশৰ ৩৮১ জন লোকে মৃত্যুক আলিঙ্গন কৰি আছে, অৰ্থাৎ প্ৰতি ঘণ্টাত ১৫ জন লোকে আত্মহত্যা কৰাৰো তথ্য পোহৰলৈ আহিছে। উল্লেযোগ্য যে বিশেষজ্ঞসকলৰ মতে কোভিড-১৯ৰ ফলত আত্মহত্যাৰ সংখ্যা পুৰ্বতকৈ বৃদ্ধি পাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.