সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে, মহিলাৰ কাম সন্তান জন্ম দিয়াঃ তালিবান

তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছত এতিয়া আফগানী নাৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ সচেতন মহল। কুখ্যাত শ্বাৰিয়া আইনৰ প্ৰৱৰ্তনে বিপদ মাতি আনিব পাৰে আফগানী মহিলাৰ জীৱনলৈ। কিন্তু ইয়াৰ মাজতে তালিবানৰ এগৰাকী মুখপাত্ৰৰ ভাষ্যই আচৰিত কৰি তুলিছে সকলোকে। মুখপাত্ৰ জনে এটা বিশেষ সাক্ষাৎকাৰত আফগানী মহিলাৰ ভৱিষ্যত সম্পৰ্কে মন্তব্য কৰি কয় যে কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে। মহিলাৰ কাম সন্তান জন্ম দিয়া।
তালিবানৰ তৰফৰ পৰা এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ লগে লগে এতিয়া হাহাকাৰ লাগিছে আফগানিস্তানত। ৯০ৰ দশকৰ নিৰ্মম শাসনৰ পুনৰাবৃত্তি নঘটে বুলি দাবী কৰা কট্টৰপন্থী সংগঠনটোক পুনৰ সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে বিশ্ববাসীয়ে। হয়তো আফগানিস্তানলৈ আকৌ ঘূৰি আহিব বোমা-বাৰুদৰ কলা দিন।

Leave A Reply

Your email address will not be published.