সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোন হ’ব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি?

সুদীৰ্ঘ দুটা দশকৰ পিছত আজি আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব তালিবানে। চৰ্চা চলিছে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী মোল্লা আব্দুল গণি বাৰাদাৰেই হব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি। তালিবানৰ চাৰি শীৰ্ষ নেতাৰ ভিতৰত বাৰাদাৰৰ স্থান দ্বিতীয়। উল্লেখ্য যে পাকিস্তানী সেনাই ২০১০ চনত বাৰাদাৰক কৰাচীত গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰাখিছিল আৰু ২০১৮ চনতহে তেওঁক মুকলি কৰি দিয়া হৈছিল। তালিবানৰ সৰ্বোচ্চ নেতা গৰাকী হৈছে মোল্লা হিবাতুল্লা আখুন্দজাদা। ৰাষ্ট্ৰপতি যিয়েই নহওঁক কিয় হিবাতুল্লা আখুন্দজাদাৰ অধীনতে চলিব লাগিব আফগানিস্তান। কাৰণ হিবাতুল্লা আখুন্দজাদা হৈছে ইছলামী আইনৰ বিদ্বান লোক। ২০১৬ চনত আমেৰিকাৰ ড্ৰোন আক্ৰমণত তালিবানৰ তেতিয়াৰ মুৰব্বী মোল্লা মনচুৰ আখটাৰৰ মৃত্যু হোৱাৰ পিছত হিবাতুল্লাই এই কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
বাৰাদাৰৰ পিছতে তৃতীয় স্থানত থকা নেতা গৰাকী হৈছে – চিৰাজুদ্দিন হাক্কানি। চিৰাজুদ্দিন হাক্কানি হৈছে তালিবানৰ উপ নেতা তথা হাক্কানি নেটৱৰ্কৰ মুৰব্বী। চতুৰ্থ স্থানত আছে তালিবান মিলিটেৰী কমিচনৰ মুৰব্বী মোল্লা য়াকুব।
তালিবানৰ এই তিনিগৰাকী বিশেষ নেতাৰ মাজৰ পৰাই নিৰ্বাচিত হব আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি। কোৱা হৈছে যে তালিবানৰ দুই সংস্থাপক মোল্লা মহম্মদ য়াকুব আৰু শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইয়ো আফগানিস্তান প্ৰশাসনৰ উচ্চ পদবীত অধিষ্ঠিত হব।

Leave A Reply

Your email address will not be published.