মানৱীয়তাৰ চূড়ান্ত স্খলনঃ তালিবানে হেলিকপ্টাৰত ওলোমাই লৈ ফুৰিছে মৃতদেহ

Share This Article

সোমবাৰে আমেৰিকান সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতে কান্দাহাৰৰ আকাশৰ এটা দৃশ্যই এতিয়া বুকু কঁপাই তুলিছে আফগানী জনতাৰ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে আমেৰিকান সেনাৰ এখন ব্লেক হক হেলিকপ্টাৰে এজন লোকৰ মৃতদেহ ওলোমাই আকাশত ঘূৰি ফুৰিছে৷ কেইবাজনো সাংবাদিকে ছ’চিয়েল মিডিয়াত এই ভয়ংকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ সাংবাদিক সকলে অভিযোগ কৰিছে যে তালিবানে এজন লোকক হত্যা কৰি তেওঁৰ শৰীৰটো হেলিকপ্টাৰত বান্ধি কান্দাহাৰ প্ৰদেশ নিৰীক্ষণ কৰিবলৈ ওলাইছিল৷
স্বাভাৱিকতেই দৃশ্যটো দেখা লোক সকল হতবাক হৈ পৰিছিল৷ যদিও হেলিকপ্টাৰত থকা ব্যক্তিজন জীৱিত নে মৃত সেয়া দূৰৰ পৰা স্পষ্ট নহয় তথাপিও বিভিন্ন সংবাদ মাধ্যমে নিজৰ প্ৰতিবেদনত দাবী কৰিছে যে লোকজনক হত্যা কৰি হেলিকপ্টাৰত ওলোমাই দিয়া হৈছিল৷
অৱশ্যে ভিডিঅ’টো তালিব টাইমছ নামৰ এটা টুইটাৰ একাউণ্টত পোষ্ট কৰা হৈছিল আৰু নিজকে তালিবানৰ সহযোগী বুলি দাবী কৰি লোকজনে টুইটাৰত উল্লেখ কৰে যে এয়া আকাশত তালিবানৰ সামৰিক বাহিনী! ইছলামিক এমিৰেটছৰ কান্দাহাৰ চহৰৰ ওপৰত বায়ু সেনাৰ বিমানে টহল দি আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.