সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাৰ বিষয়ে সদৰী কৰিছে অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে ৷ বৰ্তমান আহত ছাত্ৰজন কিয়েভৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ এন ডি টি ভিৰে হোৱা বাৰ্তালাপত তেও কয় যে এখন কেবত তেও কেইজনমান বন্ধুৰে সৈতে সীমান্তৰ দিশে গৈ আছিল ৷বাটত তেও ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰে আৰু লিয়েভৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় ৷ কিন্তু ভাৰতীয় দূতাবাসৰ পৰা কোনোধৰণৰ সহাৰি লাভ নকৰিলে বুলি আঘাতপ্ৰাপ্ত ছাত্ৰজনে সদৰী কৰে ৷

Leave A Reply

Your email address will not be published.