EXCLUSIVE : ই- মেইলৰ জড়িয়তে কেনেদৰে হেক কৰা হয় সামাজিক কৰ্মীৰ কম্পিউটাৰ ?

Share This Article

মহাৰাষ্ট্ৰৰ ভীমা কুৰেগাৱৰ হিংসাত উচটনি দিয়াৰ অভিযোগত নিয়াই ষ্টেন স্বামীৰ সৈতে গ্ৰেপ্তাৰ কৰা সুৰেন্দ্ৰ গাডলিঙ আৰু আন অভিযুক্তসকলৰ কম্পিউটাৰত হেকাৰে সংস্থাপন কৰিছিল ৩০ টা ফাইল ৷ ই- মেইলৰ সহায়ত কম্পিউটাৰ সংক্ৰমিত কৰি এই ফাইলসমূহ সংস্থাপন কৰা হৈছিল ৷ য’ত প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সন্নিৱিষ্ট চিঠিও আছিল ৷ ইয়াৰ ভিত্তিতেই সুৰেন্দ্ৰ গাডলিঙ , ষ্টেন স্বামী , ৰোনা উইলছনসহ ১৬ গৰাকী সামাজিক কৰ্মীক নিয়াই গ্ৰেপ্তাৰ কৰে ৷  আচৰিত যেন লাগিলেও এনে এক চাঞ্চল্যকৰ দাবী কৰিছে এটা আমেৰিকান ফৰেনচিক সংস্থা আৰ্ছেনাল কনছাল্টিঙে ৷ ন্যায়িক জিন্মাত সামাজিক কৰ্মী ষ্টেন স্বামীৰ মৃত্যুৰ পাছতে আমেৰিকান ফৰেনছিক সংস্থাটোৱে এই দাবী কৰিছে ৷সংস্থাটোৰ মতে মহাৰাষ্ট্ৰৰ ভীমা কুৰেগাওৰ যিটো গোচৰত ষ্টেন স্বামীসহ আন কেইবাজনো সামাজিক কৰ্মকৰ্তাক গ্ৰেপ্তাৰ কৰা হৈছে , সেয়া আছিল এক গভীৰ ষড়যন্ত্ৰ ৷ পৰিকল্পিতভাৱে সামাজিক কৰ্মী কেইগৰাকীৰ কম্পিউটাৰত ই- মেইলৰ জড়িয়তে  কিছুমান আপত্তিজনক তথ্য সংস্থাপন কৰা হৈছিল , যাৰ ভিত্তিত তেওলোকক গ্ৰেপ্তাৰ কৰা হয় ৷ এই ষড়যন্ত্ৰ চলিছিল দুবছৰ আগৰ পৰা ৷ যাৰ প্ৰথম লক্ষ্য আছিল ভীমা কুৰেগাও গোচৰৰ অন্যতম অভিযুক্ত সুৰেন্দ্ৰ গাডলিঙ ৷

 

সুৰেশ গাডলিঙ

তিনি বছৰ আগতে ভীমা কুৰেগাৱত সংঘটিত হিংসাত উচটনি দিয়াৰ অভিযোগত নিয়াই গ্ৰেপ্তাৰ কৰিছিল ৮৪ বছৰীয়া ষ্টেন স্বামী , ধৰ্ম যাজক সুৰেন্দ্ৰ গাডলিঙসহ মুঠ ১৬ গৰাকী অভিযুক্তক ৷ অভিযোগ আছিল যে এই ১৬ গৰাকী অভিযুক্তই প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা কৰিছে ৷ তেওলোকৰ ওপৰত জাপি দিয়া হৈছে ইউ এ পি এ আইনৰ ধাৰা ৷ যাতে অভিযুক্তসকলে কোনো কাৰণতে জামিন লাভ নকৰে ৷ ইউ এ পি এ আইনৰ অধীনত বন্দী হৈ থকা অৱস্থাতে শেহতীয়াকৈ মৃত্যু ঘটিল ৮৪ বছৰীয়া ষ্টেন স্বামীৰ ৷ ইয়াৰ মাজতে আমেৰিকান ফৰেনছিক সংস্থা আৰ্ছেনাল কনছাল্টিঙে দাবী কৰিছে যে একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা সুৰেন্দ্ৰ গাডলিঙৰ কম্পিউটাৰত অতি কৌশলেৰে সংস্থাপন কৰা হৈছিল কেতবোৰ আপত্তিজনক তথ্য প্ৰমাণ ৷ কেবল সুৰেন্দ্ৰ গাডলিঙেই নহয় , আন এগৰাকী অভিযুক্ত ৰোনা উইলছনো হেকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে ৷ হেকাৰে ই- মেইলৰ জড়িয়তে তেওলোকৰ কম্পিউটাৰত ভৰাই দিয়ে ৩০ টা আপত্তিজনক ফাইল ৷ এই ফাইলসমূহৰ ভিতৰত এখন চিঠি আছিল  , য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বিষয়ে আলোচনা কৰা হৈছে ৷ এই চিঠিখনৰ ভিত্তিতেই চিপিআাই – মাওবাদীৰ লগত সম্পৰ্ক ৰক্ষাৰ অভিযোগ তুলি ২০১৮ চনত সুৰেন্দ্ৰ গাডলিঙৰ লগতে মুঠ ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ৷ আৰ্ছেনাল কনছাল্টিঙৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০১৬ চনৰ পৰা  সুৰেন্দ্ৰ গাডলিঙৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ আৰম্ভ হৈছিল ৷ প্ৰথমতে নেট ৱায়াৰ নামৰ এটা ছফটৱেৰৰ জড়িয়তে তেওৰ কম্পিউটাৰ সংক্ৰমিত কৰা হৈছিল ৷ তাৰ পাছত ২০১৭ চনত জুলাই মাহৰ কোনো এটা আবেলিত প্ৰায় ২০ মিনিট সময়ৰ বাবে হেকাৰসকল সুৰেন্দ্ৰ গাডলিঙ আৰু ৰোনা উইলছনৰ কম্পিউটাৰত সক্ৰিয় হৈ পৰিছিল ৷ সেই সময়তে আপত্তিজনক ৩০ টা ফাইল তেওলোকৰ কম্পি্উটাৰত সংস্থাপিত কৰা হয় ৷ আৰ্ছেনালৰ প্ৰতিবেদনত লগতে কোৱা হয় যে গাডলিঙৰলৈ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথমতে এটা ই- মেইল প্ৰেৰণ কৰা হৈছিল ৷  ই- মেইলৰ আন ১৪ গৰাকী ৰিছিপেন্টো আছিল ৷ এই ই- মেইলৰ এটাচ্ছমেন্ট খোলাৰ লগে লগে তেওৰ কম্পিউটাৰত নেট ৱায়াৰ নামৰ ছফটৱেৰ ইনষ্টল  হৈ যায় ৷ যাৰ সহায়ত হেকাৰে তেওৰ কম্পিউটাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ আনকি যিয়ে ই- মেইলৰ এটাচ্ছমেন্ট ডাউনলোড কৰিছিল , তেওলোক আটায়ে হেকাৰৰ নীৰিক্ষণত সোমাই পৰিছিল ৷

 

ৰোনা উইলছন

এই ভয়াৱহ ফৰেনছিক আক্ৰমণৰ খবৰ পোহৰলৈ অনা আৰ্ছেনাল কনছাল্টিঙৰ প্ৰতিবেদনখন প্ৰথমতে প্ৰকাশ পায় দ্য ৱাছিঙটন পোষ্টত ৷ এই প্ৰতিবেদনৰ পাতে পাতে বিশ্লেষণ কৰি দেখুওৱা হৈছে যে কিদৰে সুৰেন্দ্ৰ গাডলিঙৰ আৰু ৰোনা উইলছনৰ কম্পিউটাৰত ১৪ খন আপত্তিজনক চিঠি সংস্থাপন কৰা হৈছিল ৷ অৱশ্যে নিয়াই আৰ্ছেনালৰ প্ৰতিবেদন সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে ৷ আমেৰিকাৰ বষ্টনত হোৱা বোমা বিস্ফোৰণকে ধৰি কেবাটাও অনুসন্ধান সফলতাৰে সম্পন্ন কৰা আৰ্ছেনালৰ প্ৰতিবেদনত সুৰেন্দ্ৰ গাডলিঙৰ কম্পিউটাৰত হোৱা আক্ৰমণক  অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা হিচাপে উল্লেখ কৰা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.