Investigative reporting with dedication.

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেন্সকীয়ে মন্তব্য কৰি কয় যে আফগানিস্তান আৰু চিৰিয়াতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হৈছে এই সংঘৰ্ষত। ৰাছিয়াৰ ভাষাত সম্বোধন কৰি জেলেন্সকীয়ে ভাষণত কয় যে চিৰিয়া , চেচন্যা আৰু আফগানিস্তানত সংঘটিত যুদ্ধত যিমান ক্ষতি হৈছিল তাতকৈও অধিক ক্ষতিগ্ৰস্ত বৰ্তমান ৰাছিয়াৰ সেনা।
অৱশ্যে ৰাষ্ট্ৰপতি জেলেন্সকীৰ ভাষণ অনুসৰি তেওঁৰ তথ্য কিমান সত্য তাক নিশ্চিত ভাবে ক’ব নোৱাৰি।
সম্প্ৰতি ৰাছিয়াত এই যুদ্ধ সন্দৰ্ভত বাতৰি প্ৰকাশত নিয়ন্ত্ৰণ কৰা হৈছে সংবাদ মাধ্যম অথবা সামাজিক মাধ্যম সমূহক।
আমেৰিকান ইন্টেলিজেঞ্চৰ অনুমান অনুসৰি ইউক্ৰেইন-ৰাছিয়াৰ সংঘৰ্ষত এতিয়ালৈ ৭ হাজাৰতকৈ অধিক ৰাছিয়াৰ সেনাৰ মৃত্যু হৈছে।
আন এক তথ্য অনুসৰি প্ৰায় ১৫ হাজাৰ ছোভিয়েট সৈনিকৰ মৃত্যু হৈছিল ১৯৭৯-৮৯ বৰ্ষত সংঘটিত আফগানিস্তানৰ যুদ্ধত। আনহাতে প্ৰায় ১৩ হাজাৰ ৰাছিয়াৰ সেনাৰ মৃত্যু হৈছিল চেচন্যাৰ যুদ্ধত। তাৰোপৰি চিৰিয়া যুদ্ধত মৃত্যু হৈছিল শতাধিক ৰাছিয়াৰ সেনাৰ।



