বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ

Share This Article

দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া হৈছে , তাৰ কাহিনীৰে এই বিশেষ প্ৰতিবেদন ৷

প্ৰতিবেদনৰ ভিতৰলৈ যোৱাৰ পূৰ্বে , জানি লও আহক এই ভয়াৱহ কাহিনীৰ প্ৰস্তাৱনা ৷ বিগত ১২ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি ৷ এই বিবৃতিত কোৱা হৈছে যে কয়লা মন্ত্ৰালয়ে সফলতাৰে ৫ খন ৰাজ্যৰ ১০ টা কয়লা খনিৰ নিবিদা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা কয়লাক্ষেত্ৰ ৷ অসমৰ গৰমপানী , কয়লাজানৰ লগতে অৰুণাচল প্ৰদেশৰ নামছিক -নামফুক কয়লাক্ষেত্ৰৰো নিবিদা সম্পন্ন হোৱা বুলি ভাৰত চৰকাৰে বিবৃতিত প্ৰকাশ কৰে ৷

এই কয়লাক্ষেত্ৰসমূহৰ ভিতৰত সৰ্ববৃহৎ কয়লাক্ষেত্ৰ হ’ল অৰুণাচল প্ৰদেশৰ নামছিল আৰু নামফুক ৷ য’ত আছে ১৪.৯৭ মিলিয়ন টন কয়লা ৷ নিবিদাৰ জড়িয়তে এই কয়লাক্ষেত্ৰ লাভ কৰে ক’ল প্লাজ প্ৰাইভেট লিমিটেডে ৷ নিবিদাত অংশগ্ৰহণ কৰা আন আন কোম্পানীসমূহ আছিল আছাম মিনাৰেল ডেভ’ল’পমেণ্ট প্ৰাইভেট লিমিটেড , প্লেটিনাম এলইছ প্ৰাইভেট লিমিটেড , অৰুণাচল প্ৰদেশ পাৱাৰ কৰ্পোৰেশ্যন প্ৰাইভেট লিমিটেড, ষ্টাৰ চিমেণ্ট লিমিটেড আৰু প্ৰাচী ইনফ্ৰা এন্ড ৰোডছ প্ৰাইভেট লিমিটেড ৷

কিন্তু আন সকলো কোম্পানীক পাছ পেলাই উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ লাভ কৰিলে ক’ল প্লাজ প্ৰাইভেট লিমিটেডে ৷ ইয়াৰ পৰাই কাহিনীৰ আৰম্ভণি ৷প্ৰায় ১৫ মিলিয়ন টন কয়লা খনিৰ আবন্টন পোৱা ক’ল প্লাজ প্ৰাইভেট লিমিটেড কাৰ কোম্পানী , তাক লৈ সকলোৰে উৎসুকতাৰ সৃষ্টি হয় ৷ কিন্তু সেই ৰহস্যৰ ওৰ পৰে ২ মাৰ্চত দ্য ইকোনমিক টাইমছত প্ৰকাশিত এটা বাতৰিৰ পাছত ৷ এই বাতৰি অনুসৰি গুৱাহাটীৰ দুটা ব্যক্তিগত প্ৰতিষ্ঠানে ঘোষণা কৰিছে যে তেওঁলোকে যুটীয়াভাৱে উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ নামছিক নামফুকৰ দায়িত্ব লাভ কৰিছে ৷ এই ব্যক্তিগত প্ৰতিষ্ঠান দুটা হ’ল – মহালক্ষ্মী গ্ৰুপ আৰু সত্যম গ্ৰুপ ৷

 

আশ্চৰ্যজনক কথাটো হ’ল এই মহালক্ষ্মী গ্ৰুপৰ স্বত্বাধিকাৰীৰ নাম সন্নিৱিষ্ট হৈ আছে কয়লা কেলেংকাৰি সন্দৰ্ভত চি বি আয়ে দাখিল কৰা চাৰ্জশ্বীটত ৷ তেওঁৰ নাম নবীন সিংহাল ৷ ২০১২ চনৰ ২ নৱেম্বৰত প্ৰকাশিত বাতৰি অনুসৰি , মহালক্ষ্মী কনটিনেণ্টেল লিমিটেডৰ বিৰুদ্ধে কয়লা কেলেংকাৰি সন্দৰ্ভত চি বি আয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰিছে ৷ কেৱল সেয়াই নহয় আন একাধিক গোচৰতো সাঙোৰ খাই আছে নবীন সিংহালৰ নাম ৷

ইফালে , নামছিক – নামফুক কয়লাখনিৰ দায়িত্ব লাভ কৰা সত্যম গ্ৰুপৰ স্বত্বাধিকাৰীৰ নাম হ’ল ৰতন শৰ্মা ৷ কয়লা , কয়লাৰ অবৈধ খনন বুলি ক’লেই অসম – অৰুণাচল প্ৰদেশত যাৰ নাম প্ৰথমতে আহে তেৱেই হ’ল ৰতন শৰ্মা ৷ তেওঁৰ বিৰুদ্ধে চলি আছে কয়লা সক্ৰান্তীয় বহু গোচৰ ৷ এতিয়া চি বি আইৰ অভিযুক্ত , অবৈধ কয়লা খননৰ অভিযোগ থকা নবীন সিংহাল আৰু ৰতন শৰ্মাক গতাই দিয়া হ’ল উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা খনিৰ দায়িত্ব ৷ য’ত আছে প্ৰায় ১৫ মিলিয়ন টন কয়লা ৷

কিন্তু কি অৰ্হতাৰ বলত  বহু বিতৰ্কিত , চি বি আইৰ অভিযুক্ত নবীন সিংহাল, ৰতন শৰ্মাই লাভ কৰিলে উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা খনিৰ দায়িত্ব ৷ এই ৰহস্যৰ ওৰ পৰিব বিজেপি দলে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা এখন তালিকাত চকু ফুৰালেই ৷ এয়া বিজেপিয়ে ২০২১-২২ বৰ্ষত সংগ্ৰহ কৰা ছান্দা আৰু ছান্দা দিয়া ব্যক্তিৰ তালিকা ৷ এই তালিকাত ২২ বাৰ উল্লেখ আছে মহালক্ষ্মী গ্ৰুপ আৰু মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰীজৰ নাম ৷ মহালক্ষ্মীৰ দৰেই মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰীজৰো মালিক হ’ল নবীন সিংহাল নামৰ বিতৰ্কিত ব্যৱসায়ীজন ৷ এই একেজন ব্যক্তি জড়িত থকা বিভিন্ন কোম্পানীয়ে কেৱল ২০২১-২২ বৰ্ষত বিজেপিক দিছে ২২ টা কিস্তিত মুঠ ৭ কৌটি ১৫ লাখ টকাৰ ছান্দা ৷ অৰ্থাৎনবীন সিংহালে এবছৰত বিজেপিক দিছে ৭ কৌটি ১৫ লাখ টকা। হয়তো এই অৰ্হতাৰ বলতেই চি বি আইৰ গোচৰত অভিযুক্ত হোৱাৰ পাছতো , বাৰম্বাৰ কয়লা কেলেংকাৰিৰ লগত নাম সাঙোৰ খাই পৰাৰ পাছতো নবীন সিংহাল আৰু ৰতন শৰ্মাই লাভ কৰিলে উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লাখনিৰ আবণ্টন ৷ এয়াই দুৰ্নীতি মুক্ত আৰু স্বচ্ছ চৰকাৰৰ কামৰ নমুনা ৷ নবীন সিংহাল , ৰতন শৰ্মা কয়লাৰ কিমান কাহিনীৰ নায়ক অথবা খলনায়ক , সেয়া লৈ আহিম আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.