সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ

দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া হৈছে , তাৰ কাহিনীৰে এই বিশেষ প্ৰতিবেদন ৷

প্ৰতিবেদনৰ ভিতৰলৈ যোৱাৰ পূৰ্বে , জানি লও আহক এই ভয়াৱহ কাহিনীৰ প্ৰস্তাৱনা ৷ বিগত ১২ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি ৷ এই বিবৃতিত কোৱা হৈছে যে কয়লা মন্ত্ৰালয়ে সফলতাৰে ৫ খন ৰাজ্যৰ ১০ টা কয়লা খনিৰ নিবিদা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা কয়লাক্ষেত্ৰ ৷ অসমৰ গৰমপানী , কয়লাজানৰ লগতে অৰুণাচল প্ৰদেশৰ নামছিক -নামফুক কয়লাক্ষেত্ৰৰো নিবিদা সম্পন্ন হোৱা বুলি ভাৰত চৰকাৰে বিবৃতিত প্ৰকাশ কৰে ৷

- Donation -

এই কয়লাক্ষেত্ৰসমূহৰ ভিতৰত সৰ্ববৃহৎ কয়লাক্ষেত্ৰ হ’ল অৰুণাচল প্ৰদেশৰ নামছিল আৰু নামফুক ৷ য’ত আছে ১৪.৯৭ মিলিয়ন টন কয়লা ৷ নিবিদাৰ জড়িয়তে এই কয়লাক্ষেত্ৰ লাভ কৰে ক’ল প্লাজ প্ৰাইভেট লিমিটেডে ৷ নিবিদাত অংশগ্ৰহণ কৰা আন আন কোম্পানীসমূহ আছিল আছাম মিনাৰেল ডেভ’ল’পমেণ্ট প্ৰাইভেট লিমিটেড , প্লেটিনাম এলইছ প্ৰাইভেট লিমিটেড , অৰুণাচল প্ৰদেশ পাৱাৰ কৰ্পোৰেশ্যন প্ৰাইভেট লিমিটেড, ষ্টাৰ চিমেণ্ট লিমিটেড আৰু প্ৰাচী ইনফ্ৰা এন্ড ৰোডছ প্ৰাইভেট লিমিটেড ৷

কিন্তু আন সকলো কোম্পানীক পাছ পেলাই উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ লাভ কৰিলে ক’ল প্লাজ প্ৰাইভেট লিমিটেডে ৷ ইয়াৰ পৰাই কাহিনীৰ আৰম্ভণি ৷প্ৰায় ১৫ মিলিয়ন টন কয়লা খনিৰ আবন্টন পোৱা ক’ল প্লাজ প্ৰাইভেট লিমিটেড কাৰ কোম্পানী , তাক লৈ সকলোৰে উৎসুকতাৰ সৃষ্টি হয় ৷ কিন্তু সেই ৰহস্যৰ ওৰ পৰে ২ মাৰ্চত দ্য ইকোনমিক টাইমছত প্ৰকাশিত এটা বাতৰিৰ পাছত ৷ এই বাতৰি অনুসৰি গুৱাহাটীৰ দুটা ব্যক্তিগত প্ৰতিষ্ঠানে ঘোষণা কৰিছে যে তেওঁলোকে যুটীয়াভাৱে উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ নামছিক নামফুকৰ দায়িত্ব লাভ কৰিছে ৷ এই ব্যক্তিগত প্ৰতিষ্ঠান দুটা হ’ল – মহালক্ষ্মী গ্ৰুপ আৰু সত্যম গ্ৰুপ ৷

 

আশ্চৰ্যজনক কথাটো হ’ল এই মহালক্ষ্মী গ্ৰুপৰ স্বত্বাধিকাৰীৰ নাম সন্নিৱিষ্ট হৈ আছে কয়লা কেলেংকাৰি সন্দৰ্ভত চি বি আয়ে দাখিল কৰা চাৰ্জশ্বীটত ৷ তেওঁৰ নাম নবীন সিংহাল ৷ ২০১২ চনৰ ২ নৱেম্বৰত প্ৰকাশিত বাতৰি অনুসৰি , মহালক্ষ্মী কনটিনেণ্টেল লিমিটেডৰ বিৰুদ্ধে কয়লা কেলেংকাৰি সন্দৰ্ভত চি বি আয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰিছে ৷ কেৱল সেয়াই নহয় আন একাধিক গোচৰতো সাঙোৰ খাই আছে নবীন সিংহালৰ নাম ৷

ইফালে , নামছিক – নামফুক কয়লাখনিৰ দায়িত্ব লাভ কৰা সত্যম গ্ৰুপৰ স্বত্বাধিকাৰীৰ নাম হ’ল ৰতন শৰ্মা ৷ কয়লা , কয়লাৰ অবৈধ খনন বুলি ক’লেই অসম – অৰুণাচল প্ৰদেশত যাৰ নাম প্ৰথমতে আহে তেৱেই হ’ল ৰতন শৰ্মা ৷ তেওঁৰ বিৰুদ্ধে চলি আছে কয়লা সক্ৰান্তীয় বহু গোচৰ ৷ এতিয়া চি বি আইৰ অভিযুক্ত , অবৈধ কয়লা খননৰ অভিযোগ থকা নবীন সিংহাল আৰু ৰতন শৰ্মাক গতাই দিয়া হ’ল উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা খনিৰ দায়িত্ব ৷ য’ত আছে প্ৰায় ১৫ মিলিয়ন টন কয়লা ৷

কিন্তু কি অৰ্হতাৰ বলত  বহু বিতৰ্কিত , চি বি আইৰ অভিযুক্ত নবীন সিংহাল, ৰতন শৰ্মাই লাভ কৰিলে উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা খনিৰ দায়িত্ব ৷ এই ৰহস্যৰ ওৰ পৰিব বিজেপি দলে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা এখন তালিকাত চকু ফুৰালেই ৷ এয়া বিজেপিয়ে ২০২১-২২ বৰ্ষত সংগ্ৰহ কৰা ছান্দা আৰু ছান্দা দিয়া ব্যক্তিৰ তালিকা ৷ এই তালিকাত ২২ বাৰ উল্লেখ আছে মহালক্ষ্মী গ্ৰুপ আৰু মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰীজৰ নাম ৷ মহালক্ষ্মীৰ দৰেই মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰীজৰো মালিক হ’ল নবীন সিংহাল নামৰ বিতৰ্কিত ব্যৱসায়ীজন ৷ এই একেজন ব্যক্তি জড়িত থকা বিভিন্ন কোম্পানীয়ে কেৱল ২০২১-২২ বৰ্ষত বিজেপিক দিছে ২২ টা কিস্তিত মুঠ ৭ কৌটি ১৫ লাখ টকাৰ ছান্দা ৷ অৰ্থাৎনবীন সিংহালে এবছৰত বিজেপিক দিছে ৭ কৌটি ১৫ লাখ টকা। হয়তো এই অৰ্হতাৰ বলতেই চি বি আইৰ গোচৰত অভিযুক্ত হোৱাৰ পাছতো , বাৰম্বাৰ কয়লা কেলেংকাৰিৰ লগত নাম সাঙোৰ খাই পৰাৰ পাছতো নবীন সিংহাল আৰু ৰতন শৰ্মাই লাভ কৰিলে উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লাখনিৰ আবণ্টন ৷ এয়াই দুৰ্নীতি মুক্ত আৰু স্বচ্ছ চৰকাৰৰ কামৰ নমুনা ৷ নবীন সিংহাল , ৰতন শৰ্মা কয়লাৰ কিমান কাহিনীৰ নায়ক অথবা খলনায়ক , সেয়া লৈ আহিম আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ৷

Leave A Reply

Your email address will not be published.