ভূমিকম্প ,ক’ভিডত বিধ্বস্ত চীন ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীনক

Share This Article

ভূমিকম্প ,ক’ভিডত বিধ্বস্ত চীন ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীনক ৬৫ জনৰ মৃত্যু,১৫০ ৰো অধিক আহত চীনৰ চিচুৱান প্ৰদেশত সোমবাৰে হোৱা ভূমিকম্পত মুঠ ৬৫ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় ১৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে ৷

২০ জনৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে

ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.৮ ,ভূমিকম্পৰ প্ৰাবল্যলৈ চাই হতাহতৰ সংখ্যা আৰু অধিক হ’ব বুলি আশংকা কৰিছে চীন প্ৰশাসনে৷

চেংদু নামৰ অঞ্চলটোত ক’ভিডৰ বাবে লকডাউন দি থোৱা আছে

অঞ্চলটোত প্ৰায় ২১ মিলিয়ন লোকে বসবাস কৰে আৰু এই সকলো লোক ভূমিকম্পৰ সময়ত তেওঁলোকৰ ঘৰৰ ভিতৰত আছিল৷

চীনৰ জিনহুৱা সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি প্ৰায় ৫০ হাজাৰ লোকক ইতিমধ্যে সেই অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে৷

ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ ফলত পাহাৰৰ বৃহৎ বৃহৎ শিলাখণ্ড খহি পৰিও বহুলোক আঘাতপ্ৰাপ্ত হৈছে
ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ লকডাউন আইন বলবৎ হৈ থকাৰ ফলত চিচুৱান প্ৰদেশত পানী আৰু বিজুলী যোগানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিছে৷

২০০৮ চনত চীনৰ ইতিহাসৰ সবাতোকৈ ডাঙৰ ভূমিকম্পটো হৈছিল৷
এই ভূমিকম্পত প্ৰায় ৯০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল৷ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.৯

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.