সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

CBSE ৰ অভিনৱ পদক্ষেপ

CBSE ৰ ছাত্ৰছাত্ৰীৰ বাবে ভাল খবৰ । প্ৰথমবাৰৰ বাবে CBSE এ লৈছে এক অভিনৱ পদক্ষেপ। উপকৃত হ’ব চূড়ান্ত বৰ্ষৰ সকলো ছাত্ৰছাত্ৰী।কিন্তু কি এই অভিনৱ পদক্ষেপ ?
Psychological counselling আগবঢ়াব CBSE এ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো ছাত্ৰছাত্ৰীক আগবঢ়াব এই psychological counselling . কেৱল ছাত্ৰছাত্ৰীকেই নহয়,সংস্থাটোৱে আনকি অভিভাৱককো মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে Psychological counselling  ৰ সুবিধা আগবঢ়াব।৯ জানুৱাৰীৰ পৰা এই সুবিধা লাভ কৰিব ছাত্ৰছাত্ৰী তথা অভিভাৱকে।ইতিমধ্যে সংস্থাটোৱে ইয়াৰ ৱেবচাইটত সাম্ভাৱ্য প্ৰশ্ন,পৰীক্ষাৰ পদ্ধতি,নম্বৰ দিয়াৰ নিয়মাৱলী আদি ব্যৱস্থাসমূহ উপলব্ধ কৰি ছাত্ৰছাত্ৰীক পৰীক্ষাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি 24/7 টোল ফ্ৰী নম্বৰৰ জৰিয়তে ছাত্ৰছাত্ৰী সকলৰ সকলো সন্দেহ আঁতৰ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে CBSE এ।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে প্ৰথমবাৰৰ বাবে CBSE এ সপ্তাহটোৰ ৬ টা দিনত টেলি কাউঞ্চেলিঙৰ ব্যৱস্থা কৰিছে।সম্পূৰ্ণ বিনামূলীয়া এই কাউঞ্চেলিং প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ উপলব্ধ হ’ব।পুৱা ৯ বাজি ৩০ মিনিটৰ পৰা ৫ বাজি ৩০ মিনিটলৈ এই কাউঞ্চেলিং উপলব্ধ হ’ব।এই কাউঞ্চেলিঙত ভাগ ল’ব মুঠ ৮৪ গৰাকী ব্যক্তিয়ে।এই ব্যক্তি সকলৰ সৰহসংখ্যকেই অধ্যক্ষ অথবা কাউঞ্চিলৰ।দেশৰ মুঠ ৭৩ গৰাকী কাউঞ্চিলৰে এই অনুষ্ঠানত অংশ ল’ব।তদুপৰি দেশৰ বাহিৰৰ অভিজ্ঞতাসম্পন্ন অধ্যক্ষ তথা কাউঞ্চিলৰে ইয়াত অংশ ল’ব।নেপাল,জাপান,আৰৱ এমেৰিটাছ,কুৱেইট,কাটাৰ,অ’মান আৰু ছিংগাপুৰৰ কাউঞ্চিলৰেও ইয়াত অংশ ল’ব।
কালিলৈ অৰ্থাৎ সোমবাৰৰ পৰা এই কাউঞ্চেলিং উপলব্ধ হ’ব৷CBSE এ এক বিবৃতিৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে। তদুপৰি বিবৃতিটোত কোৱা হৈছে “ CBSE এ হয়তো দেশৰ একমাত্ৰ বৰ্ড যিয়ে ইয়াৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱকক Psychological counselling দিয়াৰ ব্যৱস্থা কৰিছে।ইয়াৰ ওপৰিও সংস্থাটোৱে বিভিন্ন সামাজিক মাধ্যম যেনে youtube, facebook, Instagram আদিৰ জৰিয়তে ছাত্ৰছাত্ৰীৰ লগত সম্পৰ্ক ৰক্ষা কৰি শিক্ষাৰ লগতে সৰ্বাংগীণ বিকাশত সহযোগিতা আগবঢ়াই আহিছে বুলি বিবৃতিটোত উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.