সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উৎকোচৰ লেনদেন : চি বি আইৰ জালত পাৱাৰ গ্ৰীড, টাটাৰ বিষয়া

চি বি আইৰ জালত পৰিছে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক বি এছ ঝাৰ লগতে টাটা প্ৰজেক্টছৰ ৫ গৰাকী বিষয়া ৷ উৎকোচৰ বিনিময়ত টাটা প্ৰজেক্টছক কামৰ আৱন্টন দিয়া এক গোচৰ সংক্ৰান্তত পাৱাৰ গ্ৰীডৰ লগতে টাটাৰ বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা হয় ৷ পাৱাৰ গ্ৰীডৰ কাৰ্যবাহী সঞ্চালক বি এছ ঝাই সম্প্ৰতি ইটানগৰত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ একেটা গোচৰ সংক্ৰান্তত চি বি আইয়ে বুধবাৰে গাজিয়াবাদ, নয়দা, গুৰুগ্ৰাম আদি ঠাইত অভিযান চলায় ৷ বি এছ ঝাৰ গুৰুগ্ৰামৰ বাসগৃহৰ পৰা চি বি আয়ে জব্দ কৰিছে নগদ ৯৩ লাখ টকা ৷

Leave A Reply

Your email address will not be published.