Category চৰ্চিত

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ পৰিস্থিতিত…

ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত থিয় দিছে…

যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয় নেতাসকলৰ ভিতৰত অন্যতম ৷ ইউক্ৰেইনে আশা কৰে…

যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা কৰি কয় যে…

ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ইউক্ৰেইনৰ ৮ নাগৰিক

আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ,…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীলৈ সহাৰি নাই কিয় ভাৰত চৰকাৰৰ?

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ আশংকা। ইতিমধ্যে ৰাছিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেইনৰ লুহান্স আৰু দনেটস্ক নামৰ দুই অঞ্চল। সেয়েহে শংকিত হৈ পৰিছে অঞ্চলটোত আবদ্ধ স্থানীয় লোকৰ ওপৰিও বহুত ভাৰতীয় শিক্ষাৰ্থী তথা তেওঁলোকৰ পৰিয়াল। তাৰ মাজৰ এজন ছাত্ৰ হ’ল…

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী মৌচুমী…

আজি শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ নিৰ্দেশ কৰ্ণাটকত

হিজাব বিতৰ্কই ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ্ণাটকত তিনিদিনলৈ বন্ধ ঘোষণা কৰা হৈছিল ৰাজ্যখনৰ বিদ্যালয়-মহাবিদ্যালয় সমূহ। এই বিতৰ্ক অব্যাহত থকাৰ মাজতেই আজি শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ নিৰ্দেশ দিয়া হয়। মুখ্যমন্ত্ৰী বশভৰাজ বম্মাই উপায়ুক্ত, এছ পি আৰু শিক্ষা বিভাগৰ দপ্তৰত থকা ব্যক্তিসকলক শিক্ষানুষ্ঠান…

প্ৰত্যেকগৰাকী মুছলমান মহিলা ভুক্তভোগীৰ লগত থিয় হৈ আছে কেন্দ্ৰীয় চৰকাৰ: নৰেন্দ্ৰ মোদী

সম্প্ৰতি অব্যাহত থকা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত চাহাৰানপুৰৰ এক ৰেলীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ প্ৰতিটো অপৰাধমূলক ঘটনাৰ ভুক্তভোগীৰ লগত কেন্দ্ৰীয় চৰকাৰ থিয় হৈ আছে। প্ৰত্যেকগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা যিসকলে সাম্প্ৰদায়িকতা অথবা অইন কোনো কাৰণত…

হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰীয়ে : মুছকান

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ’ই টোলপাৰ লগাইছে দেশ। ভিডিঅ’ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি “জয় শ্ৰী ৰাম” ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা এটা সমদল আৰু…