Investigative reporting with dedication.

হিজাব বিতৰ্কই ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ্ণাটকত তিনিদিনলৈ বন্ধ ঘোষণা কৰা হৈছিল ৰাজ্যখনৰ
বিদ্যালয়-মহাবিদ্যালয় সমূহ। এই বিতৰ্ক অব্যাহত থকাৰ মাজতেই আজি শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ নিৰ্দেশ দিয়া হয়। মুখ্যমন্ত্ৰী বশভৰাজ বম্মাই উপায়ুক্ত, এছ পি আৰু শিক্ষা বিভাগৰ দপ্তৰত থকা ব্যক্তিসকলক শিক্ষানুষ্ঠান সমূহৰ শান্তিপূৰ্ণ বাতাবৰণ অব্যাহত ৰখাত গুৰুত্ত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
তাৰোপৰি সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা হিজাব সন্দৰ্ভত বিভিন্ন ভুৱা পোষ্টৰ আৰক্ষীয়ে বিচাৰ-বিশ্লেষণ অব্যাহত ৰাখিছে বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।



