শ্ৰেণী ৰাজ্য

কি,তেজৰ গ্ৰুপো সলনি হয় ?

যিকোনো ব্যক্তিৰ শাৰীৰিক সমস্যা হ’লে চিকিৎসকে প্ৰথমে বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি বিভিন্ন লেবৰটৰীত পৰীক্ষা কৰি তাৰ পৰা পোৱা ৰিপৰ্টৰ ভিত্তিতে চলোৱা হয় চিকিৎসা।কিন্তু আপুনি -মই ভৰসা কৰা এই লেবৰটৰীবোৰে কিমান দায়বদ্ধতাৰে সেই পৰীক্ষাবোৰ সম্পন্ন কৰে? নগাঁৱৰ শৰ্মা…

অট্টালিকা আছে,চিকিৎসাহে নাই

ছুপাৰ স্পিচিয়েলিটি হাস্পতালত চিকিৎসা নহয় হৃদ ৰোগত আক্ৰান্ত পি এছ ভি টি ৰোগৰ । এবছৰৰ পূৰ্বে জাক -জমকতাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সন্মুখত উদ্বোধন কৰা হৈছিল হৃদ বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ অৰ্থাৎ ছুপাৰ স্পিচিয়েলিটি হাস্পতাল । দেশৰ গৃহমন্ত্ৰী অমিত…

সুৰাৰে ‘ধনী’ হ’ব নলবৰীয়া ?

নলবাৰীত ব’ব সুৰাৰ বন্যা। চৰকাৰক লাগে ৰাজহ।নলবাৰীৰ আৰু বাৰটা স্থানত হ’ব সোতৰখন সুৰা বিপণী । জিলাখনত ৭৩ খনলৈ বৃদ্ধি হ’ব সুৰা বিপণী।চৰকাৰৰ এই সিন্ধান্তক লৈ জাঙুৰ খাই উঠিছে জিলাখনৰ দল সংগঠন।শিক্ষাৰ নৱদ্বীপ নলবাৰী।এই সুনামত যেন কালিমা সানিবলৈ উঠি পৰি লাগিছে…

আগফালে মাৰোঁ ডাং ,পিচফালে ধোবাং বাং ৰূপত লোকায়ুক্তৰ কাৰ্যালয়

ৰাজ্যৰ দুৰ্নীতি প্ৰতিৰোধী কাৰ্যালয়ত নাই কৰ্মচাৰী ।দুজনকৈ মূৰব্বী আয়ুক্তৰ অৱসৰৰ পাছত হোৱা নাই নতুন নিযুক্তি । আজিৰে পৰা আৰম্ভ হৈছে তদাৰকী সজাগতা সপ্তাহ। দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় ভাৱে কেন্দ্ৰীয় তদাৰকী আয়োগে পালন কৰিছে এই তদাৰকী সজাগতা সভা। কিন্তু…

সংখ্যাতহে বাঢ়িছে ৰাজ্যৰ বিশ্ববিদ্যালয়?

নামনি অসমৰ উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয় দুবছৰৰ পূৰ্বে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ল যদিও পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত স্থবিৰ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ । যাৰ বাবে বাৰে বাৰে ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন দল সংগঠনে ল’ব লগা হৈছে আন্দোলনৰ…

উদুলি মুদুলি শিৱসাগৰ কলেজৰ পদূলি

উদুলি মুদুলি হৈ পৰিছে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰ।এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পুখুৰী জয়সাগৰ পুখুৰীৰ পাৰতে অৱস্থিত উজনি অসমৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰাণ কেন্দ্ৰ শিৱসাগৰ মহাবিদ্যালয়।এইখন মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে মহাৰজত বৰ্ষ।সেইবাবেই বিগত ২০২১ চনৰ ২ নৱেম্বৰৰ পৰা মহাবিদ্যালয়খনত বৰ্ষজুৰি পালন…

ঋণ নাই,অথচ কিস্তি কাটে বেংকে কিন্তু ক’ত?

ৰখীয়া নোহোৱা গৰু আৰু ঢাকোন নোহোৱা চৰু লৈ পৰিণত হৈছে মেৰাপানী শাখাৰ পাঞ্জাৱ নেচনেল বেঙ্ক। প্ৰায় ৬ মাহৰ পূৰ্বতে গ্ৰাহকৰ কষ্টোপাৰ্জিত ধনৰ হৰলুকি, একাউন্টতে গ্ৰাহকৰ ধন নোহোৱা হোৱা, গ্ৰাহকৰ একাউন্ট ধন কৰ্তন হৈ যোৱা আদি বিভিন্ন ঘটনাই গ্ৰাহকক জ্বলা-কলা খুওৱাৰ…

শিক্ষকবিহীনভাৱেই চলি আছে বিদ্যালয়

সফলতাৰ জয়গান গোৱাত অহৰহ ব্যস্ত থকা চৰকাৰৰ দিনত নগাঁৱৰ কচুৱাত ঘটিছে এক আজৱ ঘটনা। শিক্ষাখণ্ডৰ পয়াঁলগা স্বৰূপ উদঙাইছে এখন বিদ্যালয়ে। শিক্ষকৰ অভাৱত তিনি বছৰে প্ৰধান শিক্ষকৰ পত্নীয়ে কৰিছে স্বেচ্ছামূলক পাঠদান। বিদ্যালয় গৃহ ,ছাত্ৰছাত্ৰী সকলো আছে ,নাই মাথোন শিক্ষক।ধৰ্ষণৰ গোচৰত অভিযুক্ত…

কেলেংকাৰীৰ পৰা এইবাৰো মুক্ত নহ’ল APSC ?

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।কেইবাজনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে ভুৱা EWS প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি লাভৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। চৰকাৰে যি দৰে এপিএছচিত স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে…

চোৰৰ তাণ্ডৱত ভাৰাক্ৰান্ত মুকালমুৱাবাসী

নলবাৰীৰ মুকালমুৱাত একে নিশাতেই একেটা পৰিয়ালৰ ৬টাকৈ গৰু চুৰি ।ধৰম আলী নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ বেৰ কাটি চোৰে লৈ যায় গৰুকেইটা ।মুকালমুৱা আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে।মুকালমুৱা অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা । দোকান-পোহাৰ, গৰু, ম’হ…