শিক্ষকবিহীনভাৱেই চলি আছে বিদ্যালয়

Share This Article

সফলতাৰ জয়গান গোৱাত অহৰহ ব্যস্ত থকা চৰকাৰৰ দিনত নগাঁৱৰ কচুৱাত ঘটিছে এক আজৱ ঘটনা। শিক্ষাখণ্ডৰ পয়াঁলগা স্বৰূপ উদঙাইছে এখন বিদ্যালয়ে। শিক্ষকৰ অভাৱত তিনি বছৰে প্ৰধান শিক্ষকৰ পত্নীয়ে কৰিছে স্বেচ্ছামূলক পাঠদান। বিদ্যালয় গৃহ ,ছাত্ৰছাত্ৰী সকলো আছে ,নাই মাথোন শিক্ষক।ধৰ্ষণৰ গোচৰত অভিযুক্ত শিক্ষকৰ বিদ্যালয়ৰ লগত নাই কোনো যোগাযোগ। এনে বহু আজৱ ঘটনাৰ সাক্ষী কচুৱাৰ লংজাপ ছানখোলা মধ্য ইংৰাজী বিদ্যালয়।
স্বাধীনতাৰ ৭৫ বছৰ পিছতো শিক্ষাখণ্ডত ৰাজ্যত যিমান উন্নয়ন হ’ব লাগিছিল সিমান হোৱা নাই।এনে আজৱ ঘটনাৰৰ সাক্ষী নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ লংজাপ চানখোলা মধ্য ইংৰাজী বিদ্যালয়। শিক্ষকৰ অভাৱত তিনিবছৰ ধৰি প্ৰধান শিক্ষকৰ পত্নীয়ে স্বেচ্ছামূলক ভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক নিয়মিত ভাৱে পাঠদান কৰি আছে ।প্ৰায় তিনিশতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত সাতজন শিক্ষক আছিল যদিও শেহতীয়া ভাৱে এজন শিক্ষকৰ মৃত্যু হোৱাৰ বিপৰীতে এজনে অৱসৰ লয়;আন এজনে সমল ব্যক্তি হিচাপে নিযুক্তি পোৱাৰ লগতে আব্দুল মান্নান নামৰ শিক্ষক জনে এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ বিদ্যালয়লৈ দীৰ্ঘ সময় ধৰি নহাকৈ থকাত ব্যাপক সমস্যা সৃষ্টি হৈছে বিদ্যালয় খনত।যাৰ বাবে প্ৰধান শিক্ষক জনৰ পত্নী চাফিয়া খাতুনে স্বেচ্ছামূলক ভাৱে নিয়মিত ভাৱে পাঠদান কৰি আহিছে। বিদ্যালয় খনত বিষয় শিক্ষক নিযুক্তিৰ দাবী কৰিছে প্ৰধান শিক্ষককে ধৰি আন শিক্ষক সকলে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.